বিহালীঃ বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত মিজিকাজান চাহ বাগিচাত দীৰ্ঘদিন ধৰি শিশু শ্ৰমিক নিয়োগ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। শ্ৰম বিভাগ আৰু শ্ৰম আইন ভৰিৰে মোহাৰি নিশা মিজিকা বাগানৰ কলঘৰত নিয়োগ কৰা হয় শিশু শ্ৰমিক৷ বাগিচাৰ ফেক্টৰীত সংঘটিত এক দুৰ্ঘটনাই উদঙালে বাগিচা খনত শিশু শ্ৰমিক নিয়োগ কৰি শ্ৰম আইন উলংঘা কৰাৰ সত্যতা।
যোৱা ১৯ ছেপ্তেম্বৰৰ নিশাই সংঘটিত এক দুৰ্ঘটনাৰ ঘটনা গাপ দিয়াৰ চেষ্টা কৰিছিল বাগিচা কৰ্তৃপক্ষই। যোৱা ১৯ ছেপ্তেম্বৰৰ নিশা কৰ্মৰত সঞ্জয় মাঝী(১৩) নামৰ শিশু শ্ৰমিক জনৰ বাওঁ হাত ফেক্টৰীৰ মেচিনত সোমাই মধ্যমা আঙুলি খণ্ডিত হৈ পৰাৰ লগতে আন তিনিটা আঙুলি থেতেলা হৈ গৈছিল। পাছদিনা সমগ্ৰ ঘটনা সন্দৰ্ভত বাগিছা কৰ্তৃপক্ষক একাংশ ৰাইজে সোধপোচ কৰি উপযুক্ত চিকিৎসাৰ দাবী জনাইছিল।