newsnextone.com | চাবুৱাঃ পৃথিৱীৰ পৰা দৰিদ্ৰতাৰ সমস্যা দূৰ কৰাৰ বাবে বিশ্বৰ প্ৰতিখন দেশে শিক্ষাক বিস্তাৰৰ বাবেই গুৰুত্ব প্ৰদান কৰি আহিছে৷ আমাৰ দেশ ভাৰত তথা ৰাজ্য অসমেও এই ক্ষেত্ৰত পিছ পৰি থকা নাই৷ সকলোৰে বাবে শিক্ষা, পঢ়েগা ইণ্ডিয়া বঢ়েগা ইণ্ডিয়া আদি শ্ল’গানেৰে প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ বাবে কোটি কোটি টকা খৰছ কৰি আহিছে দেশ তথা ৰাজ্যৰ চৰকাৰে৷

দৰিদ্ৰ-শ্ৰমিক, খাটিখোৱা, ৰাজ পথত দিন অতিবাহিত কৰা লোকলসকলৰ লৰা-ছোৱালীয়ে যাতে উচিত শিক্ষা ল’ব পাৰে তাৰ প্ৰতি দেশৰ চৰকাৰে যোৱা ২০ বছৰত গুৰুত্ব প্ৰদান কৰি আহিছে৷ সৰ্বশিক্ষাৰ দৰে আইন প্ৰণয়ন কৰি উচ্চমানৰ প্ৰাথমিক শিক্ষা সমগ্ৰ দেশৰ পিছপৰা লোকৰ সন্তানৰ লাভ কৰাৰ ব্যৱস্থা কৰে। প্ৰাথমিক শিক্ষা সকলোৰে সামাজিক অধিকাৰ আৰু এই অধিকাৰ সকলোকে প্ৰদান কৰাৰ বাবে বৰ্তমানৰ চৰকাৰ আৰু এনডিএৰ নৰেন্দ্ৰ মোডীৰ চৰকাৰে চেষ্টা চলায়।

তাৰ পিছতোঁ কিন্তু শ-শ শিশুৱে আজিও বিদ্যালয় দেখাই নাই৷ আজিও ৰাজ পথত বহু শিশুৱে কেইটামান টকাৰ বাবে শ্ৰম কৰিব লগা হয়৷ দেশত আজিও বহু শিশু আছে যিয়ে দেখা নাই বিদ্যলয়ৰ মুখ।৮-৯ বছৰৰ শিশুৱে শ্ৰমিক হিচাপে আনৰ চাহৰ হোটেলত-দোকানত কাম কৰিব লগা হয়৷ দৰিদ্ৰতাৰ বাবে পৰিয়ালক সহায় কৰাৰ স্বাৰ্থত আনৰ ঘৰত বনকৰা শ্ৰমিক হিচাপে থাকিবলৈ বাধ্য হয়৷ ভয়াবহ শ্ৰমৰ বোজা ল’ব লগা কোমল মনৰ শিশুৱে। যাৰ ফলত কলিতে মৰহি যায় বহু ভৱিষ্যৎ৷ বহু শিশু শ্ৰমিকে হিচাপে কাম কৰা আজিও দেশা যায়। ফুলকুমলীয়া শিশুৱে হাৰ ভঙা পৰিশ্ৰম কৰিল লগা হয়৷

কিন্তু এইবাৰ অসমত এটা চৰকাৰী কাৰ্যালয়ে খোদ ভংগ কৰিছে দুই শিশুক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰি।ঘটনাই তীব্ৰ চাঞ্চল্যৰোঁ সৃষ্টি কৰিছে। যোৱা ২৪ ঘণ্টাত দুখন ফটো ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। তুষ্ট সোণোৱাল নামৰ যুৱকজনে ফেচবুকত আপলোড কৰা ফটোখন দুখন ব্যাপক চৰ্চালৈ আহিছে। ডিব্ৰুগড় জিলাৰ টেঙাখাট খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত দুই শিশু শ্ৰমিকে শ্ৰমি কৰি থকা দেখা যায়। কান্ধত ভাৰ কৰি কোনো সামগ্ৰী কঢ়িয়াই থকা দেখা যায়। জানিব পৰা মতে, কাৰ্যালয়টোত কোনো নিৰ্মাণৰ কাম চলি আছে।

টেঙাখাতৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় চৌহদত দুই শ্ৰমিকে শ্ৰম কৰি থকাৰ দৃশ্যই চাঞ্চল্যৰোঁ সৃষ্টি কৰিছে। একাংশ বিষয়া-কৰ্মচাৰীৰ সন্মুখতে এনেদৰে দুই শিশুৱে কাম কৰি থকা দৃশ্যক সহজে লব পৰা নাই একাংশ লোকে। একাংশ লোকৰ মতে, চৰকাৰ সলনি হ'ল যদিও বিষয়াৰ-কৰ্মচাৰী মানসিকতা সলনি হোৱা নায়।

টেঙাখাতৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ে শিশু অধিকাৰ আইন দেখ দেখকৈ ভংগ কৰে। একাংশ লোকে শিশু অধিকাৰ আইন ভংগ কৰে যদিও এইবাৰ চৰকাৰী কাৰ্যালয়তে আইন ভংগ কৰা হ'ল। এতিয়া ব্যৱস্থা কোনে গ্ৰহণ কৰিব। কোনে শাস্তি প্ৰদান কৰিব খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীক।

উল্লেখ্য যে, বহু সময়ত শিশুৱে প্ৰকাণ্ড হাতুৰি হাতত তুলি লব লগা হয়। কেন্দ্ৰীয়-চৰকাৰে শিক্ষাৰ নামত কোটি কোটি টকা দি আহিছে এতিয়া সেই কথা কোনে কাক বুজাব৷ প্ৰাথমিক শিক্ষাক লৈ চৰকাৰৰ সকলো শিশু বিদ্যালয়লৈ আহিব বুলি সপোন দেখে৷ ৬ৰ পৰা ১৪ বছৰৰ শিশুসকলৰ শিক্ষালাভৰ উদ্দেশ্যে প্ৰণয়ণ কৰা শিক্ষাৰ অধিকাৰ আইন খনে বৰ্তমানেও একাংশ শিশুক সামৰি ল’ব পৰা নাই৷ বিভিন্ন চহৰত বিভিন্ন স্থানত এতিয়া শিক্ষাৰ পৰা বঞ্চিত হৈ আহিছে বহু শিশু৷

বিদ্যালয়লৈ শিক্ষা গ্ৰহণৰ বাবে ঢাপলি মেলাৰ পৰিবৰ্তে জীৱন যুদ্ধ কৰা দেখা যায়৷ নিজৰ পিতৃ-মাতৃৰ জ্ঞাতসাৰে কণমানিয়ে শ্ৰম কৰি অৰ্থ উপাৰ্জন কৰা পৰিলক্ষিত হৈছে৷ খোদ চকুৰ সন্মুখতে এতিয়া শিক্ষাৰ অধিকাৰ আইনক উপহাস কৰিছে৷ এনে শিশুবোৰ যিকোনো ৰাজ্যৰ নহওক কিয় সমাজৰ সকলো শ্ৰেণীৰ দায়িত্ব আছে তেওঁলোকক স্কুললৈ নিবলৈ৷