নগাঁওঃ পুঁজিপতিৰ হাতোৰাত বন্দী শ্ৰমিকৰ ভৱিষ্যতক লৈ বিশ্বৰ বিভিন্ন শ্ৰমিক সংগঠনে সৰৱ হৈ আহিছে৷ বিশ্বৰ খাতিখোৱা শ্ৰমিকে নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈ অহাৰ ইতিহাস আজিৰ নহয়৷ যুগ যুগ ধৰি খাতিখোৱা শ্ৰমিকে নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে৷ কপালৰ ঘাম মাটিত পেলাই দিনৰ দিনটো শ্ৰম কৰা শ্ৰমিকসলে নিজৰ ঘৰখন-পৰিয়ালটো চলাবলৈ সামৰ্থ নোহোৱাৰ ফলত কামৰ বিপৰীতে উচিত মজুৰি বিচাৰি আহিছে৷
কিন্তু শ্ৰমিকে কাম কৰাৰ বিনিময়ত উচিত মজুৰি কােনো কালে লাভ কৰা নাই বুলি শ্ৰমিকে অভিযোগ উত্থাপন কৰি আহিছে৷ যাৰ ফল স্বৰূপে শ্ৰমিকসকলে বিভিন্ন সময়ত নিজ অধিকাৰৰ বাবে যুঁজ দিব লগা হৈছে৷ শ্ৰমিকৰ যুঁজ খনৰ ইতিহাস আৰম্ভ হৈছিল ১৮৮৬ চনত৷ যেতিয়া যুক্তৰাষ্টৰ শ্ৰমিকক অন্যায়-অবিচাৰ কৰা হৈছিল তেতিয়াই শ্ৰমিকৰ ক্ষোভৰ উকমুকণি আৰম্ভ হৈছিল৷