বঙাইগাওঁঃ পুনৰ সংঘটিত হৈছে বাল্যবিবাহৰ ঘটনা। পোন্ধৰ বছৰীয়া কন্যাক বিবাহৰপৰা কোনোমতে উদ্ধাৰ কৰে বঙাইগাওঁ আৰক্ষীয়ে। প্ৰেৰণা নামৰ বেচৰকাৰী সংগঠনটোৰ সহযোগত আৰক্ষীয়ে বাল্য বিবাহৰ আয়োজন ব্যৰ্থ কৰিবলৈ সক্ষম হয়।
অভয়াপুৰী চহৰৰ ৩নং ৱাৰ্ডৰ শিৱ পুৰত দেওবাৰ নিশা পৰিমল কুণ্ডৰ কন্যা আৰু বঙাইগাঁওৰ ২৪ বছৰীয়া বিজয় দেৱনাথৰ মাজত বিৱাহৰ প্ৰাৰম্ভীক কাম কাজ আৰম্ভ হোৱাৰ সময়তে বাল্য বিবাহৰ অভিযোগৰ ভিত্তিত প্ৰেৰণা নামৰ বেচৰকাৰী সংস্থাৰ কৰ্মী আৰু আৰক্ষী দল উপস্থিত হৈ কন্যা গৰাকীৰ বয়স ১৫ বছৰ বুলি জানিব পৰাত বিবাহ কাৰ্য বন্ধ কৰি দয়ে । পৰৱৰ্তী সময়ত কন্যাৰ বয়স ১৮ বছৰ হলে উক্ত দৰা জনে বিবাহ কৰিব বুলি এক লিখিত চুক্তি সম্পাদিত হয় ।