64
কামপুৰঃ বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যৰ কেইবাটাও দল-সংগঠন, আৰক্ষী সস্তম হৈ থকাৰ সময়তে ৰাজ্যত পুনৰ সংঘটিত হ’ল বাল্য বিবাহৰ ঘটনা। এইবাৰ ঘটনাৰ স্থান নগাঁও জিলাৰ কামপুৰৰ নলডুবাত। পুৰ্বে নিৰ্ধাৰণ কৰা তাৰিখ অনুযায়ী বিয়া ঘৰ পুৱাৰ পৰা ব্যস্ত।
আলহী তথা গাঁৱৰ মানুহৰে ভৰি পৰিছে বিয়া ঘৰ৷ উদুলি মুদুলি পৰিবেশ বিয়া ঘৰত। হঠাৎ বিয়া ঘৰত লাগিল হুৱাদুৱা। কাৰণ বিয়া ঘৰত উপস্থিত হ’ল আৰক্ষী আৰু চাইল্ড লাইনৰ লোকৰ লগতে সাংবাদিকৰ দল।