কোকৰাঝাৰঃ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত চাপৰ থানাৰ ২নং চিৰাকুটাৰ বাসিন্দা আব্দুল কদ্দুছ আলিৰ ১৯ বছৰীয়া পুত্ৰ আশাদ আলিয়ে কালি নিশা কোকৰাঝাৰ জিলাৰ ছালাকাটিৰ এগৰাকী নাৱালিকা কন্যাক বিবাহ কৰাবলৈ সদলবলে বিবাহ বাহৰত উপস্থিত হয় যদিও এবিএমছুৰ তৎপৰতাত আৰু আৰক্ষীৰ হস্তক্ষেপত উক্ত বিয়াখন সাময়িকভাৱে স্থগিত ৰখা হয় ।
বিবাহ বাহৰত মাংগলিক কাৰ্যৰ সলনি আৰক্ষীৰ সদলবল উপস্থিতিয়ে একপ্ৰকাৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰে আৰু পিছত দৰাপক্ষই কইনা অবিহনেই স্বগৃহলৈ উভতি যায় ।