65
ডিজিটেল ডেস্কঃ আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক। সেই শিশুক যেতিয়া অন্যায়-অবিচাৰ আৰু নিৰ্যাতনৰ সন্মুখীন হয় তেতিয়া সেই শিশুটো কিদৰে এজন সুনাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব তাক লৈ সকলোৰে মাজত এক চিন্তাৰ বিষয় হৈ পৰে।
বৰ্তমান যি হাৰত ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যতে শিশুৰ ওপৰত শাৰিৰিক তথা যৌন নিৰ্যাতন সংঘটিত হব ধৰিছে সেই তথাত লক্ষ্য কৰি সকলোৰে মনত এটাই প্ৰশ্নৰ উদ্ৰেক ঘটিছে যে নিৰ্যাতিত শিশুটো কিদৰে ভৱিষ্যতত সমাজত নিজকে থিয় কৰাবলৈ সক্ষম হ’ব।