49
ডিডিটোল ডেস্কঃ নৃশংসতাৰো এটা চৰম সীমা থাকে৷ কিন্তু এগৰাকী কণমানিৰ ধৰ্ষণৰ বাতৰিয়ে অতিক্ৰম কৰে নৃশংসতাক চৰম সীমাও৷ কাঠুৱা কাণ্ডৰ বিচাৰ সম্পূৰ্ণ নৌহওঁতেই এইবাৰ ধৰ্ষণৰ বলি হৈ মৃত্যুক আঁকোৱালি ল’ব লগা হ’ল এটি চাৰিমহীয়া কণ্যা শিশুৱে৷
বৃহস্পতিবাৰৰ নিশা এই ঘটনা সংঘটিত হয় মধ্যপ্ৰদেশৰ ইন্দোৰৰ এখন অাভিজাত তথা ঐতিহাসিক অঞ্চল ৰাজৱয়াৰাত৷ কোনো হিংস্ৰ মানৱৰ পাশৱিক কামনাৰ বলি হৈ চাৰিমহীয়া নিস্পাপ শিশুটোৱে প্ৰাণ হেৰুৱায়৷