71
লালুকঃ আজি পবিত্ৰ শিক্ষক দিৱসৰ দিনাখনেই লখিমপুৰ জিলাৰ লালুকৰ শিঙিয়াত সংঘটিত হ’ল এক জঘন্য ঘটনা৷ এগৰাকী চাৰে তিনি বছৰীয়া নাবালিকাক ধৰ্ষণৰ অপচেষ্টা চলাই আটক হ’ল ত্ৰিশ বছৰীয়া যুৱক৷
মন্টু দাস নামৰ জঘন্য মানসিকতাৰ যুৱকজনে শিশুটিৰ ঘৰতেই সুযোগ বুজি এনে দুস্কাৰ্য সংঘটিত কৰাৰ চেষ্টা চলায়৷ পাছত পৰিয়ালৰ লোকে গম পাই লম্পট যুৱকজনক আটক কৰি লালুক আৰক্ষীক গতাই দিয়ে৷