নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ শান্তিজান বজাৰত চাইল্ড লাইনৰ সফল অভিযান। এই অভিযানত উদ্ধাৰ হয় সাত জনকৈ শিশু শ্ৰমিক । দীৰ্ঘদিনৰে পৰা শান্তিজান বজাৰৰ একাংশ অসাধু ব্যৱসায়ীয়ে শিশু শ্ৰমিকক নিয়োজিত কৰি আহিছিল ব্যৱসায়িক কামত ।
এনেদৰে শ্ৰমিক হিচাপে কাম কৰি থকা অবস্থাতে মঙলবাৰে চাইল্ড লাইনৰ নগাঁৱৰ লেবাৰ অফিচাৰ ছয়নিকা গোস্বামী আৰু ধিং চক্র বিষয়া স্নেহা ভৰালীৰ নেতৃত্বত চলোৱা এক অভিযানত বটদ্ৰৱা আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰে সাত জনকৈ শিশু।