কোকৰাঝাৰঃ বিটিচিৰ সদৰভূমি কোকৰাঝাৰ চহৰত এই বেলি ২৫ তম ৰাজ্যিক পৰ্যায়ৰ শিশু বিজ্ঞান কংগ্ৰেছৰ ৰূপালী জয়ন্তী উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে৷ এই উপলক্ষে আজি কোকৰাঝাৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত এক আলোচনা সভাও অনুষ্ঠিত হৈ যায়।
কোকৰাঝাৰ জিলাৰ বিদ্যালয় পৰিদৰ্শক জগদীশ প্ৰসাদ ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ২৫ তম ৰূপালী জয়ন্তীৰ তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচী সাফল্য মণ্ডিত কৰিবলৈ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক মুখ্য পৃষ্ঠপোষক, উপমুখ্য কাৰ্যবাহী খাম্ফা বৰগয়াৰীক সভাপতি আৰু বিদ্যালয় পৰিদৰ্শক জগদীশ প্ৰসাদ ব্ৰহ্মক আহ্বায়ক হিচাপে লৈ ৰূপালী জয়ন্তী উদযাপন সমিতি গঠন কৰা হয়।