নতুন দিল্লীঃ বৃহস্পতিবাৰে জম্মু আৰু কাশ্মীৰৰ পুলৱামাত পাকিস্তানৰ আশিসপুষ্ট জঈছ-ই-মহম্মদে কৰা সন্ত্ৰাসবাদী আক্ৰমণক আৱশেষত গৰিহণা দিলে চীনে৷ 

শুকুৰবাৰে চীনৰ বিদেশ মন্ত্ৰী ৱাঙ য়েই ভাৰতৰ বিদেশ মন্ত্ৰী সুষমা স্বৰাজলৈ এক শোক বাৰ্তা প্ৰেৰণ কৰে৷ এই শোক বাৰ্তাত চীনে পুলৱামাত নিহত ৪২ জন চি আৰ পি এফ জোৱানলৈ সমবেদনা জ্ঞাপন কৰে৷ বাৰ্তাটোত এয়াও কোৱা হয় যে চীনে যিকোনো সন্ত্ৰাসবাদকে কঠোৰ ভাষাৰে নিন্দা কৰে আৰু ইয়াৰ প্ৰতিবাদ কৰে৷

মন কৰিবলগীয়া যে, এই বাৰ্তাত চীনে পাকিস্তানৰ প্ৰসংগ ঘূণাক্ষও উল্লেখ কৰা নাই৷ এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা জঈছ-ই-মহম্মদে পাকিস্তানতেই চৰকাৰী পৃষ্ঠপোষকতা লাভ কৰি আছে বুলি ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় মহল প্ৰত্যয় গৈছে৷

এই সন্ত্ৰাসবাদী সংগঠনটোৰ মুৰব্বী মাছুদ আজহাৰ বছৰ বছৰ ধৰি পাকিস্তানতে বাস কৰি আছে৷ 

উল্লেখ্য যে মাছুদ আজহাৰক ৰাষ্ট্ৰসংঘই সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিবলৈ ভাৰতে দিয়া প্ৰস্তাৱ আমেৰিকাকে ধৰি প্ৰায় সকলো দেশে সমৰ্থন কৰিলেও ইয়াক ভেটো দি আছে চীনে৷ 

কাশ্মীৰত তেজৰ ফাকু খেলা এই সন্ত্ৰাসবাদীটোক চীনে নিজৰ স্বাৰ্থৰ বাবে এতিয়াও সন্ত্ৰাসবাদী হিচাপে স্বীকৃতি দিয়া নাই৷ আনকি শেহতীয়া আত্মঘাতী আক্ৰমণৰ পাছতো দেশখনৰ সন্ত্ৰাসবাদীৰ প্ৰতি থকা দৰদ কমা নাই আৰু ই বিশ্বৰপৰা সন্ত্ৰাসবাদ নিৰ্মূলত ডাঙৰ হেঙাৰ হিচাপে থিয় দিয়া দেখা গৈছে৷