60
নতুন দিল্লীঃ বৃহস্পতিবাৰে জম্মু আৰু কাশ্মীৰৰ পুলৱামাত পাকিস্তানৰ আশিসপুষ্ট জঈছ-ই-মহম্মদে কৰা সন্ত্ৰাসবাদী আক্ৰমণক আৱশেষত গৰিহণা দিলে চীনে৷
শুকুৰবাৰে চীনৰ বিদেশ মন্ত্ৰী ৱাঙ য়েই ভাৰতৰ বিদেশ মন্ত্ৰী সুষমা স্বৰাজলৈ এক শোক বাৰ্তা প্ৰেৰণ কৰে৷ এই শোক বাৰ্তাত চীনে পুলৱামাত নিহত ৪২ জন চি আৰ পি এফ জোৱানলৈ সমবেদনা জ্ঞাপন কৰে৷ বাৰ্তাটোত এয়াও কোৱা হয় যে চীনে যিকোনো সন্ত্ৰাসবাদকে কঠোৰ ভাষাৰে নিন্দা কৰে আৰু ইয়াৰ প্ৰতিবাদ কৰে৷