58
ডিজিটেল ডেস্কঃ ভাৰতক সকিয়ালে চীনে৷ ডোকলামত থকা ভাৰতীয় সৈন্যক আতৰাবলৈ হুমকি দিলে চীনে৷ আজি চীনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৱু কিয়ানে কয় যে পাহাৰক কঁপাবলৈ সহজ৷ কিন্তু ভাৰতে কোনোমধ্যেই কঁপাব নোৱাৰে চীনা সৈন্যক৷
সেইবাবে সময় থাকোতেই ভাৰতীয় সৈন্য ডোকলামৰ পৰা আতৰাটো সময়োপযোগী সিদ্ধান্ত হ’ব বুলি উল্লেখ কৰে চীনা সৈন্যৰ বিষয়া ৱু কিয়ানে৷ তেওঁ লগতে কয় যে বিগত ৯০ বছৰে চীনা সেনাই নিজৰ ক্ষমতা আৰু শক্তিৰ প্ৰমাণ দি আহিছে৷