ডিজিটেল ডেস্কঃ ভাৰতক সকিয়ালে চীনে৷ ডোকলামত থকা ভাৰতীয় সৈন্যক আতৰাবলৈ হুমকি দিলে চীনে৷ আজি চীনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৱু কিয়ানে কয় যে পাহাৰক কঁপাবলৈ সহজ৷ কিন্তু ভাৰতে কোনোমধ্যেই কঁপাব নোৱাৰে চীনা সৈন্যক৷ 

সেইবাবে সময় থাকোতেই ভাৰতীয় সৈন্য ডোকলামৰ পৰা আতৰাটো সময়োপযোগী সিদ্ধান্ত হ’ব বুলি উল্লেখ কৰে চীনা সৈন্যৰ বিষয়া ৱু কিয়ানে৷ তেওঁ লগতে কয় যে বিগত ৯০ বছৰে চীনা সেনাই নিজৰ ক্ষমতা আৰু শক্তিৰ প্ৰমাণ দি আহিছে৷ 

গতিকে ভাৰতে কোনো ধৰণৰ ভ্ৰমত নথকাটোৱে দেশখনৰ বাবে মংগল বুলিও তেওঁ প্ৰকাশ কৰে৷ যদিহে ভাৰতে ডোকলামৰ পৰা পিছুৱাই নাহে তেন্তে তাত অনতিপলমে সৈন্য বৃদ্ধি কৰিব চীনে৷