61
ডিজিটেল ডেস্কঃ দশকৰ পিছত দশক ধৰি শত্ৰু দেশ হিচাপে পৰিচয় দি অহা চীনে ভাৰতক বন্ধু হিচাপে পাব বিচাৰে বুলি মত প্ৰকাশ কৰিলে৷ ডোকলামৰ ঘটনাৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চীনৰ ৰাষ্ট্ৰপতি চি জিংপিঙৰ মাজত কিছুদিন পূৰ্বে বৈঠক অনুষ্ঠিত হৈ যায়৷
ভাৰতৰ লোকৰ মাজত চীন সন্দৰ্ভত যোগাত্মক বাৰ্ত্তা দিবৰ বাবে বেইজিঙে চেষ্টা অব্যাহত ৰখাৰ সময়তে দুয়ো দেশৰ প্ৰধানৰ বৈঠকৰ পিছতে চীনে ভাৰতৰ সন্মুখত একপ্ৰকাৰ মূৰ দোৱায়৷