ডিজিটেল ডেস্কঃ দশকৰ পিছত দশক ধৰি শত্ৰু দেশ হিচাপে পৰিচয় দি অহা চীনে ভাৰতক বন্ধু হিচাপে পাব বিচাৰে বুলি মত প্ৰকাশ কৰিলে৷ ডোকলামৰ ঘটনাৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চীনৰ ৰাষ্ট্ৰপতি চি জিংপিঙৰ মাজত কিছুদিন পূৰ্বে বৈঠক অনুষ্ঠিত হৈ যায়৷

ভাৰতৰ লোকৰ মাজত চীন সন্দৰ্ভত যোগাত্মক বাৰ্ত্তা দিবৰ বাবে বেইজিঙে চেষ্টা অব্যাহত ৰখাৰ সময়তে দুয়ো দেশৰ প্ৰধানৰ বৈঠকৰ পিছতে চীনে ভাৰতৰ সন্মুখত একপ্ৰকাৰ মূৰ দোৱায়৷

ভাৰতত থকা চীনৰ ৰাষ্ট্ৰদূত ল্যু জাওহুয়ে পুৰনি কথা পাহৰি চীন-ভাৰতে যোগাত্মক সম্পৰ্ক গঢ়িব লাগে বুলি মতপোষণ কৰে৷ দুয়ো দেশে যথেষ্ট উন্নতি কৰিছে বুলি কৈ দুয়ো দেশে মিলি থাকিলে লাভজনক হ’ব বুলি কয়৷ অৰ্থনীতিসহ বিভিন্ন ক্ষেত্ৰত চীনে ভাৰতক ওচৰত বিচাৰে বুলিও কয় চীনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে৷

মোডী-চিৰ বৈঠকৰ অন্তত ভাৰত-চীনৰ মাজত নতুন বাতাৱৰণ সৃষ্টি হ’ব বুলি চীনৰ ৰাজনৈতিক মহল যথেষ্ট উৎসাহিত হৈ পৰাৰ সময়তে এই মন্তব্য আগবঢ়ায় ৰাষ্ট্ৰদূত ল্যুৱে৷

কেৱল ইমানে নহয় ৬৮ সংখ্যক চীনৰ স্বাধীনতা দিৱসত আমাৰ মাজৰ সম্পৰ্ক আৰু ভাল কৰিব লাগিব বুলি কৈ আমি এক আৰু এক মিলি এঘাৰ কৰিব পাৰিম বুলি তাৎপৰ্যপুৰ্ণ মন্তব্য আগবঢ়ায় চীন ভাৰতৰ বানিজ্যিক বন্ধু বুলি কয় ৰাষ্ট্ৰদূত ল্যুৱে৷

ৰাষ্ট্ৰদূতগৰাকীয়ে ইতিহাস স্মৰণ কৰি তেওঁৰ শিক্ষক চ্যু-ফেনচেঙৰ কথা উল্লেখ কৰি ১৯৪৫ চনৰ পৰা ১৯৭৮ চনলৈ ভাৰতৰ থকাৰ কথা উল্লেখ কৰে৷ শিক্ষকগৰাকীয়ে উপনিষদ, গীতা, শকুন্তলাৰ দৰে গ্ৰন্থ হিন্দীৰ পৰা চীনা ভাষালৈ অনুবাদ কৰিছে৷