ডিজিটেল ডেস্কঃ ৰঙাচীনক লৈ অব্যাহত আছে শংকাৰ ঘন ডাঁৱৰ। সেয়া ঘনীভূত হৈ পৰিছে চীনে ভাৰত মহাসাগৰত নতুনকৈ চাবেমৰিন প্ৰেৰণ কৰা কাৰ্যই।
ইতিমধ্যে যুদ্ধৰ বাবে বাহৰ পাতি থকা চীনে নতুনকৈ ভাৰত মহাসাগৰত ইৱান শ্ৰেণীৰ ছাবমেৰিণ প্ৰেৰণ কৰি যুদ্ধৰ আশংকা বৃদ্ধি কৰি তোলাৰ সময়তে চীনৰ সামৰিক বিশেষজ্ঞৰ বিস্ফোৰক মন্তব্যই তোলপাৰ লগাইছে।
চীনৰ সামৰিক বিশেষজ্ঞ ওৱাং ডেবুৱাই লিখা মতে যুদ্ধ হ’লে ভাৰতৰ আধিপত্য নাইকিয়া হ’ব। ছিকিমক লৈ দুয়োখন দেশৰ মাজত শেহতীয়াকৈ সৃষ্টি হোৱা অপ্ৰত্যাশিত পৰিস্থিতিৰ সন্দৰ্ভত ওৱাঙে চীনৰ সেনা পিপলচ্ লিবাৰেশ্যন আৰ্মীৰ ৱেবছাইটত লিখিছে যে ভাৰতে আগতেও চীনৰ আগত মুৰ দোৱাইছে, এইবাৰো দোৱাব লাগিব।