যোৰহাটঃ যোৰহাটৰ চিনামৰাত মঙলবাৰে উদযাপন কৰা হয় আলি-আই-লৃগাং কৰে। বিষ্ণুপুৰ গাঁৱৰ মিচিং ৰাইজে এই উৎসৱ আযোজন কৰে৷

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চিনামৰা জাতীয় বিদ্যালয়ৰ অধ্যক্ষ দিব্যজ্যোতি শৰ্মা। সভাত সভাপতিত্ব কৰে শিক্ষক ললিত পেগুৱে। পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি মণিৰাম দলেই৷