49
ডিজিটেল ডেস্কঃ সুখ নাই সুখ নাই ক’তো ধৰুৱাৰ। চৌদিশে কেৱল ধাৰ আৰু ধাৰ। যেতিয়াই-তেতিয়াই ঘৰৰ দুৱাৰমুখত আহি ভিৰ কৰিছে ধাৰ পাবলৈ থকা লোকসকলে। কিন্তু ধাৰ মাৰিবলৈ টকা নাই।
ইটোৰ পিছত সিটো ব্যৱসায়ত হাত দিছে। পিছে সকলোতে দেখিছে লোকচানৰ মুখ। সেয়ে এনে পৰিস্থিতিৰ পৰা নিস্তাৰ পাবলৈ আকৌ বন্ধু এজনৰ পৰা টকা ধাৰলৈ লৈ প্লাষ্টিক ছাৰ্জাৰী কৰি মুখমণ্ডলেই সলনি কৰি পেলালে চীনৰ এগৰাকী মহিলাই।