বাণিজ্য ডেস্কঃ একাধিক বিত্তীয় সংকটৰ সন্মুখীন হৈ ক্ৰমাৎ মৃত্যুৰ ক্ষণ গণিছে ছাহাৰাই। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত সংস্থাটোৰ ইটোৰ পিছত সিটো সম্পত্তি নিলামত উঠিছে। এনে এক অৱস্থাত ছাহাৰাৰ বীমা সংস্থা ছাহাৰা ইণ্ডিয়া লাইফ অধিগ্ৰহণৰ বাবে ICICI প্রুডেনচিয়েল লাইফ ইঞ্চুৰেন্সক নিৰ্দেশ দিছে বীমা নিয়ন্ত্ৰক সংস্থা আই আৰ ডি এ-ই।

অহা ৩১ জুলাইৰ পৰা ছাহাৰা ইণ্ডিয়া লাইফক অধিগ্ৰহণ কৰিবলৈ আই আৰ ডি এ-ই ICICI প্রুডেনচিয়েলক নিৰ্দেশ প্ৰদান কৰিছে। এই অনুযায়ী যোৱা ২৪ জুলাইত আই আৰ ডি এৰ অধ্যক্ষৰ সৈতে মিলিত হয় ছাহাৰ গ্ৰুপৰ অধ্যক্ষ সুব্ৰত ৰায়।

ছাহাৰা ইণ্ডিয়া লাইফৰ আৰ্থিক সমস্যা দূৰ কৰিবলৈ আৰু কেইদিনমানৰ সময় দিবলৈ অনুৰোধ জনাই ছাহাৰাৰ মূৰব্বীগৰাকীয়ে। সেইদিনাই ছাহাৰা ইণ্ডিয়া লাইফ ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰি আই আৰ ডি এৰ পৰা অনুমতি বিচাৰে ICICI প্রুডেনচিয়েলে।

ছাহাৰা ইণ্ডিয়া লাইফৰ পলিচি হল্ডাৰসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ আৰু সহযোগিতাৰ বাবে ICICI প্রুডেনচিয়েলে ইতিমধ্যে এটি সুকীয়া কল চেণ্টাৰ আৰু ই-মেইল আইডি মুকলি কৰি দিছে। আই আৰ ডি এই জনোৱা মতে ছাহাৰা ইণ্ডিয়া লাইফৰ কাম-কাজত চূড়ান্ত প্ৰশাসনিক অনিয়ম সংঘটিত হৈছিল।

ICICI প্রুডেনচিয়েলৰ পূৰ্বে ছাহাৰা ইণ্ডিয়া লাইফ অধিগ্ৰহণৰ বাবে LICকো অনুৰোধ জনোৱা হৈছিল। কিন্তু LIC-এ স্পষ্টকৈ জনাইছিল যে ছাহাৰা ইণ্ডিয়া লাইফ হৈছে ষ্টক মাৰ্কেটৰ ওপৰত নিৰ্ভৰশীল এটি বীমা সংস্থা। গতিকে তেনে সংস্থা এটাক অধিগ্ৰহণ কৰাৰ প্ৰশ্নই নুঠে বুলি  LIC-এ জনাইছিল।

ইয়াৰ পিছতে  ICICI প্রুডেনচিয়েলে আগবাঢ়ি আহি প্ৰতিষ্ঠানটো নিজৰ অধীনলৈ নিবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ লগতে ছাহাৰা লাইফ ইণ্ডিয়াৰ গ্ৰাহকসকলক ICICI প্রুডেনচিয়েল পৰিয়াললৈ স্বাগতম জনায়।