কল্পনা কৰকচোন, হঠাৎ এদিন আপোনালৈ এটা ফোন আহে। ফোনৰ সিপাৰৰ পৰা আপোনাক কোৱা হয়, “আপোনাৰ বিৰুদ্ধে গুৰুতৰ গোচৰ ৰুজু কৰা হৈছে। ২৪ ঘণ্টাৰ ভিতৰত জৰিমনা নভৰিলে আপোনাক গ্ৰেপ্তাৰ হ’ব।” এনে কথা শুনি আপুনি ভয় খোৱাটো নিতান্তই স্বাভাৱিক। আপুনি কঁপা কঁপা মাতেৰে সুধিব- জৰিমনা কেনেকৈ দিম? নিজকে আৰক্ষী বা শীৰ্ষ তদন্তকাৰী বিষয়া বুলি চিনাকি দিয়া ফোনৰ সিপাৰৰ ব্যক্তিজনে তাৰ পিছতে আপোনাক এটা বেংক একাউণ্ট নম্বৰ দি তাতে আপোনাক টকা পঠিয়াবলৈ ক’ব। আৰু আপুনি যেতিয়া সেই কথামতে একাউণ্টত ধন পঠিয়াব, তাৰ পিছতহে হয়তো আপুনি জানিব পাৰিব যে আচলতে এয়া আছিল এক প্ৰৱঞ্চনাৰ জাল! অথবা আপুনি এই বিষয়ে একো নজনাকৈয়ে সন্তুষ্টি লভিব পাৰে- ভাগ্যেই আজি আপুনি গ্ৰেপ্তাৰৰ পৰা বাছি গ’ল!
কিন্তু এনে এক পৰিস্থিতিৰে সন্মুখীন হৈ আজি দেশৰ লক্ষ লক্ষ লোক সৰ্বস্ৰান্ত হ’বলগীয়া হৈছে। ভুৱা গোচৰ, মোকৰ্দ্দমাৰ ভাবুকি প্ৰদান কৰি চাইবাৰ অপৰাধীয়ে নিৰীহ জনতাৰ পৰা লুটি নি আছে কোটি কোটি টকা। অনলাইনযোগে মেলি দিয়া এই প্ৰৱঞ্চনাৰ জালকে কোৱা হয় ‘ডিজিটেল গ্ৰেপ্তাৰ’। ২০২৪ চনত ‘ডিজিটেল গ্ৰেপ্তাৰ’ প্ৰৱঞ্চনাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। কেৱল সাধাৰণ মানুহেই নহয়, ন্যায়াধীশ, প্ৰাক্তন সেনা বিষয়া, সাংবাদিকসকলো আৱদ্ধ হৈছে এই প্ৰৱঞ্চনাৰ জালত।