গুৱাহাটী মহানগৰীত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অব্যাহত আছে ‘জলসন্ত্ৰাস’৷ বিজেপিৰ ৮ বছৰীয়া চৰকাৰখনৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ককে ধৰি সকলোৱে সঠিক কামৰ পৰিৱৰ্তে উন্নয়নৰ ঢাক-ঢোল বজোৱাতহে যে ব্যস্ত সেই কথা গুৱাহাটীত ধাৰাবাহিকভাৱে পানীৰ পাইপ ফুটি অহা ঘটনাবোৰেই স্পষ্ট কৰি তুলিছে। বাৰে বাৰে পানী যোগান ধৰিবলৈ বহুওৱা পাইপ ফুটি মহানগৰীত সৃষ্টি হৈছে জলসন্ত্ৰাসৰ। কিন্তু ইয়াৰ পিছতো জনতাৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা দিবলৈ অপৰাগ হিমন্ত চৰকাৰ।
একাধিকবাৰ পানীৰ পাইপ ফুটি মানুহৰ ধন-জনৰ ক্ষতি হোৱাৰ পিছতো চৰকাৰ যে মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাক লৈ ছিৰিয়াছ নহয়, সেয়া পুনৰ এবাৰ প্ৰমাণিত হ’ল নতুন বছৰৰ আৰম্ভণিতে৷ ইংৰাজী নতুন বছৰৰ দ্বিতীয় দিনটোতে মহানগৰবাসীৰ জীৱন আৰু সম্পত্তিক লৈ ল’ৰা ধেমালি কৰা দেখা গ’ল হিমন্ত চৰকাৰক।