নতুন দিল্লীঃ সৰ্বত্ৰে মূল্যবৃদ্ধিৰ মাধমাৰৰ মাজতে ৰন্ধন গেছৰ দাম বৃদ্ধিৰে দেশৰ জনতাৰ মূৰত আন এক ৰাম টাঙোন শোধাইছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰৰ এনডিএ চৰকাৰে। আজি কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৫০ টকাকৈ বৃদ্ধি কৰিবলৈ চৰকাৰে লোৱা সিদ্ধান্তৰ কথা সদৰী কৰে। মূল্যবৃদ্ধিয়ে এইবাৰ উজ্জ্বলা যোজনাকো সামৰি ল’ব বুলি জানিবলৈ দিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
সম্প্ৰতি উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলে ৫০০ টকাতে ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰি আছিল যদিও এতিয়াৰে পৰা ৫৫০ টকা ভৰিব লাগিব। গুৱাহাটীকে ধৰি অসমৰ প্ৰতিটো অঞ্চলতে সকলোৱে ৰাজসাহায্যবিহীন দৰত চিলিণ্ডাৰ ক্ৰয় কৰি আহিছে।