নতুন দিল্লীঃ শুল্ক নীতিক অস্ত্ৰ কৰি কাৰ্যতঃ সমগ্ৰ বিশ্ব অৰ্থনীতিক অস্থিৰতালৈ ঠেলি দিছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ২ এপ্ৰিলত তেওঁৰ এই ঘোষণাৰ পিছত সোমবাৰে পুৱাৰে পৰা এছিয়াৰ বিভিন্ন শ্বেয়াৰ বজাৰত ৰক্তক্ষয় আৰম্ভ হয়। জাপান, দক্ষিণ কোৰিয়া, চীন, অষ্ট্ৰেলিয়া, নিউজিলেণ্ডৰ দৰে দেশৰ ষ্টক সূচকাংকসমূহ হ্ৰাসৰ জোৱাৰে উটুৱাই লৈ যায়।
আতংক ইমানেই বৃদ্ধি পায় যে বহু দেশে চাৰ্কিট ব্ৰেকাৰ সক্ৰিয় কৰি সাময়িকভাৱে লেনদেন বন্ধ কৰিবলগীয়া হ’ল। এনে পৰিপ্ৰেক্ষিততে আজিৰ দিনটোক ১৯৮৭ৰ ‘ক’লা সোমবাৰ’ৰ পুনৰাবৃত্তি বুলি অভিহিত কৰিছে। বহু কোম্পানীৰ শ্বেয়াৰৰ মূল্যও একে হাৰত হ্ৰাস পাইছে, সমগ্ৰ বিশ্বতে ইয়াৰ পতন ঘটিছে। বিশ্লেষকসকলৰ মতে ট্ৰাম্পে হঠাতে শুল্ক ঘোষণা কৰাৰ পিছত বজাৰত যি অস্থিৰতা দেখা গৈছে সেয়া ভয়ংকৰ।