newsnextone.com | চৰাইদেউঃ শক্তিমন্ত্ৰী তপন গগৈৰ গৃহ জিলাত উপ-দ্বীপত পৰিণত হৈছে এখন শ্মশান৷ কিয়নো যোৱাটো বানত শ্মশান খনলৈ যোৱা পথটোৰ কালভাৰ্ট সহ এটা অংশ উটুৱাই নিছিল। যাৰ ফলত পথ বিহীন আৰু চৌদিশে পানীৰ মাজত থকা শ্মশানখন এতিয়া উপ-দ্বীপত পৰিণত হৈছে। প্ৰশাসন তথা পৌৰ সভাই গুৰুত্ব প্ৰদান নকৰাৰ ফলতেই উপ-দ্বীপত পৰিণত হৈছে শ্মশানখন। বাৰিষা মহা বিপদত পৰিছে জনসাধৰণ৷ শ্মশানলৈ অহা-যোৱা কৰা পথটো চৰকাৰ তথা প্ৰশাসনক পথটো মেৰামতি কৰি দিবলৈ দাবী জনাই হায়ৰাণ হৈ পৰিছে জনসাধাৰণ৷

চৰাইদেই জিলাৰ সোণাৰি নগৰৰ ৯ নং ৱাৰ্ডৰ ভাৱানীপুৰস্থিত সোণাৰি ৰাজহুৱা শ্মশানলৈ পথটো পূৰ্বৰ পৰাই জৰাজীৰ্ণ হৈ আছিল। জৰাজীৰ্ণ পথটোৰ এটা কালভাৰ্ট কিছুদিনৰ পূৰ্বে বানে উটুৱাই নিয়াত যাতনা ভোগ কৰিব লগা হৈছে ৰাইজে। সোণাৰি পৌৰসভাই পথ-কালভাৰ্ট নিৰ্মাণ নকৰাৰ বাবে ৰাইজে যমৰ-যাতনা ভোগ কৰি পানীত নামি মৃতদেহ দাহ কৰিবলৈ নিব লগা হৈছে। 

উল্লেখ্য যে, অতি গুৰুত্বপূৰ্ণ পথটোৰ এটা পকী কালভাৰ্ট টাউকাক নৈৰ পানীয়ে উটুৱাই নিয়। এই সন্দৰ্ভত স্থানীয় ৰাইজৰ লগতে শ্মাশান সমিতিয়ে সোণাৰি পৌৰসভাক লিখিত আবেদন যোগে অৱগত কৰাৰ পিছতোঁ পৌৰসভাখনে আজিকোপতি কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ। সোণাৰিৰ পৌৰসভাই পুঁজি আৱণ্টন নোহোৱা বুলি কৈ পথটো আৰু কালভাৰ্ট নিৰ্মাণ কাৰ্যৰ পৰা আঁতৰি থকা ঘটনাক স্থানীয় ৰাইজে ধিক্কাৰ দিয়ে। মন্ত্ৰী তথা সোণাৰি সমষ্টিৰ বিধায়ক তপন কুমাৰ গগৈক ৰাইজে অৱগত কৰিছিল যদিও মন্ত্ৰীয়ে গুৰুত্ব প্ৰদান নকৰিলে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে।