মাৰ্ঘেৰিটাঃ মানৱ জাতিৰ মংগল তথা শুদ্ধ পথ দেখুৱাবলৈ বাবে জেৰুজালেমৰ মাতৃ মৰিয়ম কুমাৰী গৰ্ভত জন্ম হৈছিল যীশুৰ। ২৫ ডিচেম্বৰৰ দিনটোত জন্ম হোৱা বুলি কোৱা হয় যীশুক। বছৰৰ ২৫ ডিচেম্বৰৰ দিনটোত দেখা যায় প্ৰতিজন খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে আনন্দ উল্লাসেৰে যীশুক প্ৰাৰ্থনা কৰি বিশ্বৰ শান্তি কামনা কৰে৷
পবিত্র বৰদিন উৎসৱ কেৱল খৃষ্টানসকলৰ ধৰ্মীয় উৎসৱেই নহয় বৰং কৃষিভিত্তিক সাংস্কৃতিক উৎসৱ হিচাপেও পালন কৰা হয়। গাঁৱৰ আদৰণি তোৰণ সমূহত আলোক সজ্জা কৰি তোলা হয়। নিশা হলে গাঁৱৰ প্ৰতিঘৰতে ৰং বিৰঙৰ তৰা বোৰে মন প্ৰাণ আকৰ্ষণ কৰি তোলা হৈছে।