55
ডিজেটেল ডেস্কঃ অৱশেষত গ্ৰেপ্তাৰ হ’ল পশ্চিমবংগৰ বিতৰ্কিত বিচাৰপতি চি এছ কাৰ্ণান৷ কলিকতা উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়ধীশগৰাকীক মঙলবাৰে তামিলনাডুৰ কয়ম্বাটুৰৰ পৰা গ্ৰেপ্তাৰ কৰে চিআইডিয়ে৷
আদালতক অৱমাননা কৰাৰ অপৰাধত ন্যায়ধীশজনক ৬মাহৰ বাবে কাৰাদণ্ডৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে৷ দেশৰ ইতিহাসত এইটোৱে প্ৰথম ঘটনা য’ত কৰ্মৰত সময়তে উচ্চ ন্যায়ালয়ৰ বিচাৰপতিক আদালত অৱমাননাৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল৷