“পাপী পেট কা ছৱাল হ্যে ভাইয়া। হামকো ভি বুৰা লগতা হ্যে বিবি-বৎসো ছে কাম কৰৱানে মে। লেকিন য়হী হামাৰী ৰোজী-ৰোতি হ্যে। হামকো দুছৰা কাম আতা হি নহী।”
খেল আৰম্ভ কৰাৰ পূৰ্বৰ ২০ মিনিট নটৱৰ নাথ আৰু তেওঁৰ পৰিয়ালটোৰ বাবে আটাইতকৈ ব্যস্ত সময়। বিশেষকৈ যিডাল ৰছীৰ ওপৰত খোজ কাঢ়ি তেওঁৰ ভনীয়েকে কাৰছাজি কৰিব, সেই ৰছীডাল সঠিকভাৱে স্থাপন কৰিবলগীয়া হয়। ৩৫ কেজি ওজনৰ সৈতে ৰছীডাল যাতে সন্তুলিত হৈ থাকে তাৰ বাবে দুয়োমূৰে দুটা লোহাৰ খুঁটি মাটিত ২-৩ ফুট তললৈকে ভালকৈ পুতি লোৱা হয়। তাৰ পিছত দুডাল বাঁহৰ থেকাৰ ওপৰৰে ৰচীডাল টানি দিয়া হয়। ৰছীডাল কিমান টান হ’ব লাগিব তাৰো এটা অনুমান থাকে। ৰছীডাল টানি হোৱাৰ পিছত নটৱৰ নাথে তলৰ পৰা ৰছীডাল টানি ছোৱালীজনীৰ ওজন কঢ়িয়াব পাৰিব নে নাই সেয়া ভালকৈ পৰীক্ষা কৰি লয়।
নটৱৰ নাথ আৰু তেওঁৰ পত্নীয়ে এইখিনি কাম কৰি থকাৰ সময়ত ৭ বছৰীয়া ৰাধিকাই হিন্দী গীতৰ তালে তালে নাচি উপস্থিত লোকসকলক ব্যস্ত কৰি ৰাখে। ৰাধিকা নটৱৰ নাথৰে জীয়াৰী। যেতিয়া সকলোখিনি কাম ভালদৰে পৰীক্ষা কৰা হ’ব, তাৰ পিছত আৰম্ভ হয় খেল।
প্ৰথমে নটৱৰ নাথৰ ১৩ বছৰীয়া ভগ্নী সীমা আৰু কন্যা ৰাধিকাই হিন্দী গীতৰ তালে তালে কিছুমান সৰু সৰু খেল দেখুৱায়। ঠাইতে ওলোটা হৈ দেখুৱায়, লোহাৰ সৰু ৰিং এটাৰ মাজেৰে আচৰিত ধৰণে শৰীৰটো পাৰ কৰি দেখুৱায়। কেইমিনিটমান এইদৰে সৰু সৰু খেল দেখুওৱাৰ পিছত তেওঁলোকে লগত লৈ অনা ছাউণ্ড স্পীকাৰতে নটৱৰ নাথে ঘোষণা কৰে, “আইয়ে ভাইঔ ঔৰ বেহনো। অৱ হাম চুৰু কৰেংগে হামাৰী অছলি চাৰ্কাছ। এইচে খেল আপকো কহী নহী দিখনে কো মিলেগা।”
ইয়াৰ পিছতে সীমাই বাঁহ এডালেৰে বগাই ৰছীডালৰ ওপৰত উঠে। সন্তুলন বজাই ৰাখিবলৈ হাতত তাই এডাল প্ৰায় ৮ ফুট দীঘল লাঠি লয়। তলৰ পৰা ভাতৃ নটৱৰে সোধে, 'খিলাড়ী তুম তৈয়াৰ হ্যো? সীমাই উত্তৰ দিয়ে- হ্যা। নটৱৰে আকৌ সোধে- গিৰোগী তো নহী? সীমাই উত্তৰ দিয়ে- নহী গিৰুংগী।'
ৰছীৰ ওপৰত কাৰাছাজি দেখুৱাবলৈ সাজু হোৱা সীমাক উদ্দেশ্যি নটৱৰে আকৌ সোধে, তুম কিছলিয়ে য়্যে কৰ ৰহী হ্যো? সীমাই উত্তৰ দিয়ে- পাপী পেট কে লিয়ে। নটৱাৰে সোধে- তুম ক্যা মাংগতী হো? সীমাই কয়- ১০-২০ ৰূপয়ে।
নটৱৰ নাথ আৰু পৰিয়ালৰ কাহিনী
নটৱৰ নাথৰ আচল ঘৰ ছত্তীশগড়ৰ জাঞ্জিৰ জিলাত। ২০২১ চনত তেওঁ অসমলৈ আহিছিল। তেওঁৰ লগতে আহিছিল পত্নী সঞ্জনা, ভগ্নী সীমা আৰু কন্যা ৰাধিকাও। সেই সময়ত তেওঁলোকৰ কনিষ্ঠ পুত্ৰ ইছানৰ বয়স আছিল মাত্ৰ ৪ মাহ। এই পৰিয়ালটোৱে ঠায়ে ঠায়ে গৈ খেল দেখুৱায়। ৰছীৰ ওপৰত খোজ কঢ়া তেওঁলোকৰ মূল কাৰছাজি। পুৰণি ছুজুকী বাইক এখন মডিফাইড কৰি ঠেলাৰ দৰে কৰি লৈছে নটৱৰ নাথে। তাতেই খেল দেখুৱাবলৈ প্ৰয়োজনীয় সা-সৰঞ্জাম বোজাই কৰি ইখনৰ পৰা সিখন ঠাই ঘূৰি ফুৰে গোটেই পৰিয়ালটোৱে। জনবহুল এলেকা অথবা চাৰিআলি বা চ’কত অকণমান মুকলি ঠাই বিচাৰি লৈ তাতেই তেওঁলোকে নিজৰ খেল দেখুৱাবলৈ আৰম্ভ কৰে।
ৰছীৰ ওপৰত সীমাই বিভিন্ন ধৰণৰ খেল দেখুৱায়। খালী ভৰিৰে খোজ কাঢ়ি, মূৰৰ ওপৰত ৫টা ঘটি লৈ, চেণ্ডেল পিন্ধি আৰু ৰছীৰ ওপৰতে চাইকেলৰ ৰিং এটা দি তাৰ ওপৰত খোজ কাঢ়ি অদ্ভুত কলা দেখুৱায় সীমাই। ১৩ বছৰীয়া কিশোৰীগৰাকীৰ এনে কলাই দৰ্শকক সঁচাকৈয়ে আমোদ দিয়ে। সীমাই খেল দেখুওৱাৰ সময়ত নবৌৱেক সঞ্জনাই হাতত থালি এখন লৈ গোট খোৱা দৰ্শকখিনিৰ পৰা ধন বিচাৰে।
নটৱৰ নাথে কয় যে এনেদৰে খেল দেখুওৱা তেওঁ পৰিয়ালৰ তৃতীয় প্ৰজন্ম। পূৰ্বে ককাক আৰু দেউতাকেও অসম আৰু অন্য ৰাজ্যত এনেদৰে খেল দেখুৱাই ঘূৰি ফুৰিছিল। তেওঁলোকৰ মূল জীৱিকাই এয়া। দেউতাকে অসমৰ পৰা উভতি যোৱাৰ পিছত দেউতাকৰ ঠাই পূৰণ কৰিবলৈ ২০২১ চনত পৰিয়ালটোক লগত লৈ অসমলৈ আহিছিল নটৱৰ নাথ।
ইতিমধ্যে পৰিয়ালটোৱে নগাঁও, কলিয়াবৰ, লংকা আদি ঠাইত খেল দেখুৱাইছে। এটা নিৰ্দিষ্ট এলেকাত তেওঁলোকে ৩-৪ মাহৰ বাবে ৰূম এটা ভাড়ালৈ লয় আৰু তাৰ পিছত দাঁতি কাষৰীয়া অঞ্চলসমূহলৈ গৈ খেল দেখুৱায়। ওচৰ-পাজৰৰ গোটেই অঞ্চলসমূহ সামৰি লোৱাৰ পিছত তেওঁলোকে আন এটা অঞ্চল বা জিলালৈ গৈ তাত ৰুম ভাড়ালৈ লয় আৰু এইবাৰ সেই অঞ্চলটোত খেল দেখুৱাবলৈ আৰম্ভ কৰে।
নটৱৰ নাথৰ পৰিয়ালটো, ফটোঃ হীৰকজ্যোতি দাস
বৰ্তমান তেওঁলোকে জাগীৰোডত ৰুম এটা ভাড়ালৈ লৈছে। নটৱৰ নাথৰ পত্নী সঞ্জনাই কয় যে এই ৰুমটোৰ বাবে তেওঁলোকে মাহে ২ হাজাৰ টকাকৈ দিব লাগে। ডিচেম্বৰৰ ১৮ তাৰিখে তেওঁলোক জাগীৰোডলৈ আহিছিল আৰু এতিয়া জাগীৰোড আৰু মৰিগাঁৱৰ বিভিন্ন ঠাইত তেওঁলোকে খেল দেখুৱাই আছে। নটৱৰ নাথে কয় যে আৰু এমাহ বা ডেৰ মাহ পিছত তেওঁলোকে জাগীৰোড এৰিব, তাৰ পিছত তেওঁলোক হয়তো এইবাৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিলৈ যাব পাৰে।
নটৱৰ নাথে কয়, “আমি বেলেগ কাম নিশিকিলোঁৱে। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি কেৱল এই ছাৰ্কাছকে দেখুৱাই আহিছো। অসম, বিহাৰ, ঝাৰখণ্ড, গুজৰাটৰ দৰে ৰাজ্যত মোৰ ককা, দেউতাই খেল দেখুৱাইছিল। এতিয়া দেউতা বুঢ়া হৈ আহিছে। সেয়ে মই তেওঁৰ ঠাই ল’বলগীয়া হৈছে।”
ঘৰৰ জ্যেষ্ঠ পুত্ৰ নটৱৰ নাথ। মাক-দেউতাক আৰু সৰু ভায়েক এটা ছত্তীশগড়তে থাকে। ভায়েকে হায়াৰ ছেকণ্ডৰীত পঢ়ি আছে। আনহাতে ভনীয়েক সীমা নটৱৰ নাথৰ ছাৰ্কাছৰ মূল ‘খিলাড়ী’ হৈ তেওঁৰ লগতে আছে। নটৱৰ নাথে কয় যে অসমত থকা-খোৱাৰ খৰছৰ উপৰিও প্ৰতি মাহে তেওঁ মাক-দেউতাকলৈও পইচা পঠিয়াব লাগে। তেঁৱেই পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী।
পঢ়িবলৈ মন আছিল সীমাৰ, কিন্তু...
নটৱাৰ নাথে হেনো ডিগ্ৰীৰ ছেকণ্ড ইয়াৰলৈকে পঢ়িছিল। কিন্তু আৰ্থিক অৱস্থাৰ বাবে পঢ়া তাতেই সামৰি উপাৰ্জনৰ বাটৰ সন্ধান কৰিবলগীয়া হৈছিল। পৰিয়ালটোক লৈ খেল দেখুৱাবলৈ আৰম্ভ কৰাৰ পূৰ্বে তেওঁ বেলেগ বেলেগ কামো কৰিছিল। তেওঁ কয়, “আন কিবা কিবি কাম কৰিবলৈ চেষ্টা কৰিছিলো। কিন্তু ছাৰ্কাছ দেখুওৱা আমাৰ তেজতে আছে। সেয়ে বেলেগ কামতকৈ ইয়াৰ প্ৰতিহে বেছি ৰাপ সৰুৰে পৰাই আছিল। বেলেগ কাম যেতিয়া শিকিব নোৱাৰিলো, তেতিয়া ককা, দেউতাহঁতৰ দৰে ময়ো ছাৰ্কাছাকে জীৱিকা হিচাপে ল’লো।’’
কিন্তু নটৱৰ নাথে শিক্ষা গ্ৰহণ কৰিলেও ভগ্নী সীমাই বিদ্যালয়ৰ বাৰাণ্ডা গছকিয়েই নাপালে। এতিয়া নটৱৰ নাথৰ ৭ বছৰীয়া কন্যা ৰাধিকাৰো বিদ্যালয়ত নামভৰ্তি কৰাৰ সময় পাৰ হৈ গৈছে। কিন্তু তাৰ পিছতো মাক-দেউতাকৰ দৰে তাইয়ো মাতৃভূমিৰ পৰা নিলগত খেল দেখুৱাই দৰ্শকক আকৰ্ষণ কৰাৰ কলা শিকিছে। নটৱৰ নাথৰ পত্নী সঞ্জনাই জনোৱা মতে, তেওঁ ষষ্ঠ শ্ৰেণীলৈকে পঢ়িছিল। বিয়াৰ আগতে তেওঁৱো সীমাৰ দৰেই কাৰছাজি দেখুৱাই ঘূৰি ফুৰিছিল।
সীমাই কয়, তাইৰ পঢ়িবলৈ মন আছিল। আন ল’ৰা-ছোৱালীৰ দৰে তাইৰো স্কুললৈ যাবলৈ মন আছিল। কিন্তু তাইৰ স্কুললৈ যোৱাৰ সপোন পূৰণ নহ’ল! আমি যেতিয়া তাইক সুধিছিলোঁ কিয় মন থাকিও স্কুললৈ নগ’ল, তেতিয়া তাই কও নকওকৈ সৰুকৈ ক’লে, “ভাইয়া চে পুছিয়ে কিউ নহী জানে দিয়া...।” নটৱৰ নাথ আৰু সঞ্জনাই অলপ অলপ অসমীয়া ক’বলৈ শিকিছে যদিও সীমা, ৰাধিকাহঁতে এতিয়াও অসমীয়া নাজানে, বুজিও নাপায়।
সীমাৰ বিষণ্ণ উত্তৰত এই কথা স্পষ্ট হৈ উঠিছিল যে তাইৰ বিদ্যালয়লৈ যোৱাৰ সপোনৰ বাটত হেঙাৰ হৈ থিয় দিছিল ভাতৃ নটৱৰ নাথ। যেতিয়া তাইৰ ৭ বছৰ আছিল, তেতিয়াই তাইক বিদ্যালয়লৈ পঠিওৱাৰ পৰিৱৰ্তে উপাৰ্জনৰ মাধ্যম হিচাপে গঢ়ি তোলাৰ প্ৰশিক্ষণ দিয়া হৈছিল, যিদৰে এতিয়া ৰাধিকাক প্ৰশিক্ষণ দি থকা হৈছে। ‘পাপী পেট’ৰ দোহাই দি কেৱল ধন ঘটাৰ স্বাৰ্থত যেন জানি-বুজিয়েই কনমাণি কেইটাৰ ভৱিষ্যত ঘোৰ অন্ধকাৰলৈ ঠেলি দিছে নটৱৰ নাথ আৰু তেওঁৰ পত্নীয়ে।
কণমানি ৰাধিকা বৰ মৰমলগা। ডাঙৰ ডাঙৰ চকু কেইটাত কাজল সানি তাই ক’লা কৰি ৰাখিছে। মাক-দেউতাকে আয়োজন কৰা মূল খেল আৰম্ভ হোৱাৰ পূৰ্বে মানুহক আকৰ্ষণ কৰি ভিৰ জমা কৰাটো তাইৰ দায়িত্ব। মুখত ছন্দময় হাঁহি এটা সানি হিন্দী গীতৰ তালে তালে তাই কণমানি কঁকালটো ভাগি ভাগি নাছে, লুটি বাগৰ মাৰি খেল দেখুৱায়। লাহে লাহে তাইও পৰিপক্ক হৈ উঠিছে। তাই জানে যে পেহীয়েক সীমাৰ পিছত খেলৰ মূল ‘খিলাড়ী’ তায়েই হ’ব লাগিব। তাইক যেতিয়া আমি সুধিছিলো পঢ়িবলৈ মন নাই নেকি, তাই টপককৈ উত্তৰ দিছিল- নাই।
নটৱৰ নাথে কয় যে বিয়া ঠিক হোৱাৰ দুবছৰ আগতে সীমাই খেল দেখুৱাবলৈ এৰিব। তেতিয়ালৈকে তায়েই মূল নায়িকা। আৰু সীমাৰ পিছতে তাইৰ ঠাই ল’ব ৰাধিকাই। এনেকৈয়ে তেওঁলোকৰ খেল চলি গৈ থাকিব।
নটৱৰ নাথে কয়, “সীমাৰ বিয়ালৈ এতিয়াও সময় আছে। বিয়াৰ দুবছৰ আগতে তাই ছাৰ্কাছ এৰিব। অৱশ্যে তাইৰ শৰীৰৰ ওজনৰ লগতো কথা আছে। ডাঙৰ হোৱাৰ পিছত ৰছীৰ ওপৰেৰে খোজ কঢ়াটো অলপ কঠিন হৈ পৰে। সেয়ে এটা নিৰ্দিষ্ট বয়সৰ পিছত খেল দেখুওৱাবলৈ এৰিবলগীয়া হয়।”
দৈনিক কিমান উপাৰ্জন কৰে নটৱৰ নাথ আৰু পৰিয়ালে?
বাইকখন মডিফাই কৰি তিনিচকীয়া ঠেলাৰ দৰে কৰি লৈ সেইখনতে ৫ জনীয়া পৰিয়ালটোৱে অন্য সা-সৰঞ্জামসহ ইখনৰ পিছত সিখন ঠাইলৈ ঘূৰি ফুৰে। সঞ্জনাই কয় যে পুৱা তেওঁলোকে ৯-১০ বজাত ভাড়াঘৰৰ পৰা ওলাই আহে আৰু তাৰ পিছত সন্ধিয়া পৰ্যন্ত ৩-৪ ঠাইত খেল দেখুৱায়। বজাৰ, চ’ক বা চাৰিআলি আৰু আন ভিৰ থকা এলেকাত তেওঁলোকে ৰৈ খেল আৰম্ভ কৰে।
নটৱৰ নাথে কয় যে এইদৰে খেল প্ৰদৰ্শন কৰি তেওঁলোকে দৈনিক ১২০০ টকাৰ পৰা ১৫০০ টকা পৰ্যন্ত উপাৰ্জন কৰে। কেতিয়াবা তাতকৈ বেছিও হয়। তেওঁ কয়, “কিছুমান ঠাইত ভিৰ বেছি থাকিলেও পইচা নাপাও। কোনো কোনো ঠাইত আকৌ ভাল উপাৰ্জনেই হয়। কিন্তু দৈনিক খৰছো থাকে। খোৱা-বোৱাৰ পৰা আদি কৰি গাড়ীত তেল ভৰোৱালৈকে সকলো খৰছ কৰি ৫০০-৬০০ টকা হাতত ৰয়। ছত্তীশগড়ত বুঢ়া মা-দেউতা আছে, ভাইটিয়ে পঢ়ি আছে... প্ৰতি মাহে মই ৮-১০ হাজাৰ টকা পঠিয়াবলগীয়া হয়। বাকী নিজৰ খৰছ, ৰূম ভাড়া, গেছ আদিবোৰৰ খৰছ আছেই।”
কিন্তু উপাৰ্জনৰ বাবে নিজৰ পত্নী, সন্তান, ভগ্নীৰ ব্যৱহাৰ কিয়? কিয় সীমা,ৰাধিকা অথবা ইছানক এটা অনিশ্চিত ভৱিষ্যত দিব খোজা হৈছে? নটৱাৰ নাথক এই প্ৰশ্ন সোধাৰ পিছত তেওঁক সামান্য ইতস্বতঃবোধ কৰা পৰিলক্ষিত হয়। তাৰ পিছত অতি মন্থৰভাৱে তেওঁ কয়. “কি কৰিম! ময়ো নিবিচাৰো যে মোৰ মানুহজনীয়ে বা ল’ৰা-ছোৱালী দুটাই এনেদৰে অচিনাকি ঠায়ে ঠায়ে খেল দেখুৱাই ঘূৰি ফুৰক। কিন্তু আমি অসহায়। আমাৰ পৰিয়াল দশক দশক ধৰি এনেদৰেই চলি আহিছে। আৰু মই এই পৰম্পৰা সলনি কৰিব বিচাৰিলে পৰিয়ালটোৰ আন সদস্যসকলৰ ৰোষত পৰিম।”
নটৱৰ নাথ আৰু তেওঁৰ পত্নীয়ে যেতিয়া খেল আৰম্ভ হোৱাৰ পূৰ্বে প্ৰস্তুতি চলাই আছিল, সেই সময়ত তেওঁলোকৰ ৩ বছৰীয়া সন্তান ঈশানে মাকৰ শাৰীৰ আঁচলখন টানি টানি কিবা এটা বিচাৰি আছিল। সম্ভৱতঃ সি খাবলৈ কিবা বিচাৰিছিল। অলপ সময় পিছত মাকে আমনি পাই “অভী নহী, বাদ মে” বুলি তাক আঁতৰলৈ ঠেলি পঠিয়াইছিল। মাকৰ ধমকত ফেকুৰি উঠিছিল কণমানি ল’ৰাটোৱে।
সন্ধিয়ালৈকে খেল দেখুওৱাই গৈছে সীমাই, ফটোঃ হীৰকজ্যোতি দাস
মৰিগাঁৱৰ বাখৰবড়ি চাৰিআলিত পৰিয়ালটোৱে খেল দেখুৱাবলৈ আৰম্ভ কৰাৰ সময়ত লাহে লাহে বেলি ভটিয়াইছিল। সেয়া আছিল তেওঁলোকৰ তৃতীয়টো প্ৰদৰ্শন। ক্ৰমান্বয়ে জাৰ পৰিছিল তেতিয়া। মূৰত এটা টুপী আৰু সাধাৰণ উম থকা চোলা এটাৰে খালী ভৰিৰে মাকৰ পৰা অলপ দূৰৈত থিয় হৈ ফেঁকুৰী থকা ইছানৰ হাতত যেতিয়া আমি ডেইৰী মিল্ক চকলেটটো তুলি দিছিলো, তেতিয়া তাৰ চকুজুৰি হঠাত্ উজ্বল হৈ উঠিছিল। ‘খেলোগে?’- আমি সুধিছিলো। সি টপৰাই উত্তৰ দিছিল- ‘হা’। আমি যেতিয়া তাক সুধিছিলো কি খেলিব, সি বক্সিং বুলি কৈ হাত দুখন মুঠি মাৰি মুখেৰে শব্দ কৰিছিল- ধিচুম... ধিচুম।
প্ৰায় আধা ঘণ্টা সময় খেল প্ৰদৰ্শন কৰি নটৱৰ নাথ আৰু তেওঁৰ পৰিয়ালটোৱে খেল সামৰাৰ সময়ত ইতিমধ্যে সাজ নামিছিল। এপদ এপদকৈ বস্তুবোৰ সামৰি বাইক-ঠেলাখনত তুলি থাকোতেই নটৱৰ নাথে কয়, “আজি ইয়াতেই যে অলপ ভাল পইচা পাইছো। আজি খেল দেখুৱাবলৈ স্কুল এখনে মাতি নিছিল। ল’ৰা-ছোৱালীবোৰৰ পৰা এটকা এটকাকৈ তুলি আমাক ৩০০ টকা দিছে।”
“সন্ধিয়াই হ’ল। এতিয়া আমি জাগীৰোডলৈকে যাব লাগিব। আজি ৰুমত ভাত ৰন্ধা গেছো নাই, তাৰো ব্যৱস্থা কৰিবলৈ আছে।” – বস্তুখিনি সামৰি সামৰি ক’লে সঞ্জনাই। তেতিয়ালৈকে ইতিমধ্যে গাড়ীৰ ওপৰত বহি লৈছিল ৰাধিকা আৰু সীমা। বস্তু- বাহানীখিনিৰ মাজতে অকণমান ঠাই উলিয়াই দুয়োজনীয়ে মুখা-মুখিকৈ বহি লৈ চিপছ খাই আছিল।
ঠেলাসদৃশ বাইকখনৰ পিছৰ চিটটোত সঞ্জনা বহিব। কণামানি ইছানক ইছানক তেওঁ কোলাত ল’ব। ইছানে অৱশ্যে এতিয়াও খালী ভৰিৰেই আছে। তাৰ ৰঙা ৰঙৰ মলিয়ন উম চোলাটোৰে জাৰ নুগুচিব। সঞ্জনাই ক’লে, “জেকেট আছে, এতিয়া পিন্ধাম। কোলাত লোৱাৰ সময়ত মোৰ শ্বল খনেৰে তাক ঢাকি ল’ম।"