ডিজিটেল ডেস্কঃ আত্মহত্যাৰ বাবে প্ৰোৰোচিত কৰাৰ অভিযোগ উত্থাপন হৈছে ৰিপাব্লিক টিভিৰ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে৷

অৰ্ণৱ গোস্বামীয়ে এগৰাকী আভ্যন্তৰীণ ডিজাইনাৰক মানসিক চাপ সৃষ্টি কৰি আত্মহত্যা কৰিবলৈ প্ৰৰোচিত কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ অৰ্ণৱ গোস্বামীৰ লগতে আন দুজন ব্যক্তিৰ বিৰুদ্ধেও এই অভিযোগ উত্থাপিত হয়৷ 

শনিবাৰে পুৱা মহাৰাষ্ট্ৰৰ আলিবাগৰ এটি গৃহত আত্মহত্যা কৰিছিল অনভয় নায়কে৷ অনভয় নায়ক ৰিপাব্লিক টিভিৰ আভ্যন্তৰীণ ডিজাইনাৰ হিচাপে কৰ্মৰত আছিল৷ কিন্তু অনভয়ক ৰিপাব্লিক টিভিয়ে তেওঁৰ পাবলগীয়া প্ৰাপ্যখিনি আদায় নিদিয়াৰ অভিযোগ উত্থাপিত হয়৷

তাৰ বাবেই আভ্যন্তৰীণ ডিজাইনাৰ গৰাকীয়ে আত্মহত্যা কৰা বুলি অনভয়ৰ নায়কৰ পত্নীয়ে মহাৰাষ্ট্ৰৰ ৰায়গড় থানাত অৰ্ণৱ গোস্বামী আৰু আন দুজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে৷ ৰায়গড় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় পাটিলে এই অভিযোগৰ সত্যতা স্বীকাৰ কৰে৷
 
অৰ্ণৱ গোস্বামী, IcastX-ৰ ফিৰোজ শেখ তথা Smartworks-ৰ নীতেশ সাৰদাৰৰ বিৰুদ্ধে আত্মহত্যাৰ বাবে প্ৰৰোচনা কৰাৰ ভাৰতীয় দণ্ডবিধিৰ ৩০৬ নং ধাৰাত  গোচৰ ৰুজু কৰে৷

আনহাতে তিনিজন লোকৰ নাম উল্লেখ কৰি মৃত অনভয়ে এখন চুইচাইড নোট লিখি থৈ যোৱা বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে৷

কিন্তু ৰিপাব্লিক টিভিয়ে এই অভিযোগ খাৰিজ কৰি আত্মহত্যা কৰা আভ্যন্তৰীণ ডিজাইনাৰ অনভয় নায়কক তেওঁৰ প্ৰাপ্য আদায় দিয়া হৈছিল বুলি দাবী কৰে ৰিপাব্লিক টিভি কৰ্তৃপক্ষই৷