65
মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত নামফাই বনাঞ্চলত বনাঞ্চল বেদখলকাৰী আৰু স্থানীয় নামফাইবাসীৰ মাজত সংঘাটময় পৰিৱেশৰ সৃষ্টি হয়৷
কিছুদিনৰ পূৰ্বে বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই বনাঞ্চলখনত উপস্থিত হৈ বানাক্ৰান্তৰ পৰিচয়েৰে বনাঞ্চল বেদখল কৰি থকা লোক সকলক বেদখলৰ সপক্ষে উৎসাহজনক মন্তব্য আগবঢ়ায়৷