শ্ৰীনগৰঃ জন্মু কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰত দেওবাৰে উপ নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থাকোতেই গুলিচানলাৰ ঘটনা সংঘটিত হয়৷ শ্ৰীনগৰৰ  বডগাম জিলাত সংঘটিত হোৱা এই ঘটনাত  ৩জনৰ মৃত্যু হোৱাৰ লগতে বহুলোক আহত হৈছে৷ 

আৰক্ষীয়ে জনোৱা অনুসৰি ভোটগ্ৰহণৰ সময়ত কিছু লোকে শিলাবৰ্ষণ কৰে৷ এই শিলাবৰ্ষণ ঘটনাৰ প্ৰতুত্যৰ দিবলৈ নিৰাপত্তাৰক্ষীয়ে গুলীচালনা কৰে৷ উক্ত গুলীচালনাৰ সময়তে বহু লোক আহত হয়৷ তদুপৰি উক্ত গুলীচালনাই ভিৰ কমাবলৈ সক্ষম নহ’ল৷ 

গুলিচালনাৰ বাবে ভোটদান কেন্দ্ৰসমুহত৷ভোটদান কম হৈছে৷ প্ৰথম ৪ঘন্টাত কেৱল ৩.৩ %ভোটদানহে সম্পন্ন হৈছে৷ আৰক্ষীয়ে প্ৰকাশ কৰিছে যে  দুৰ্বৃত্তই বাছত অংগ্নিসংযোগ কৰাৰ লগতে ভোটিং মেছিনো ভাঙে৷ 

অৱেশ্যে বৰ্তমান পৰিস্থিতি কিছু ভাললৈ অহা বুলি জনাইছে আৰক্ষীয়ে৷ তদুপৰি শনিবাৰে মাজনিশাৰ পৰা গান্দেৰবল, শ্ৰীনগৰ আৰু ৱডগাম এই তিনি সংসদীয় সমষ্টিত নিৰ্বাচন আয়োগে ইন্টাৰনেট সেৱা বন্ধ কৰি দিছে৷

আনহাতে এই ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পুৰ্ব মুখ্যমন্ত্ৰী ওমৰ আব্দুলাই৷ তেওঁৰ বিশ বছৰীয়া শাসনকালত এনে পৰিস্থিতি দেখা নাছিল বুলি উল্লেখ কৰে আব্দুলাই৷ চৰকাৰে ৰাজ্যত শান্তি বজাই ৰখাত ব্যৰ্থ হৈছে বুলি উল্লেখ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে৷