newsnextone.com | তেজপুৰঃ ৰাজ্যত একাংশ লোকে পিছপৰা শ্ৰেণীৰ লোক নোহোৱা সত্বেও অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰমাণ পত্ৰ লৈ বিভিন্ন সুবিধা লাভ কৰা থকাৰ দীৰ্ঘ দিন ধৰি অভিযোগ উত্থাপন হৈ আহিছে৷ তাৰ লগে লগে পিছপৰা শ্ৰেণী সন্মিলনীৰ সম্পাদক অমৰ গগৈয়ে ধনৰ বিনিময়ত অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰমাণ পত্ৰ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷
সমগ্ৰ ৰাজ্যত অবিচি প্ৰমাণ পত্ৰ প্ৰদানৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে দেওবাৰে তেজপুৰৰ তৰুণ অসম সংঘত পিছপৰা শ্ৰেণী সন্মিলনীৰ এখন সভা অনুষ্ঠিত হয়৷ ৰাজ্যিক সভাখন সমাপ্ত হোৱাৰ অন্তত দুৰ্নীতিৰ অভিযুক্ত তথা পিছপৰা শ্ৰেণী সন্মিলনীৰ নেতা অমৰ গগৈক দোষমুক্ত ঘোষণা কৰা হয়। বিভিন্ন মাধ্যমত ধনৰ বিনিময়ত অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰমাণ পত্ৰ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে অভিযুক্তক দোষমুক্ত ঘোষণা কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷