newsnextone.com | গোলাঘাট/নগাঁওঃ উজনি অসম ভ্ৰমণত ব্যস্ত থকা মুখ্যমন্ত্ৰীয়ে যোৱা দুটা দিনত নিজ সমষ্টি মাজুলীৰ বিভিন্ন উন্নয়ন মূলক আঁচনি পৰিদৰ্শন কৰাৰ লগতে কৃষকৰ মাজত ট্ৰেক্টৰ বিতৰণ কৰে৷ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে সাংবাদিকক জংসংযোগ বিভাগৰ কাৰ্ডো বিতৰণ কৰে৷
মুখ্যমন্ত্ৰীয়ে মাজুলীৰ বিষয়াৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰি মাজুলীৰ বান-গৰাখহনীয়া ৰোধ কৰাৰ লগতে ৰাস্তা-ঘাট, বিশুদ্ধ খোৱাপানী আদিৰ আঁচনি ৰূপায়নৰ বাবে উপায়ুক্তৰ জৰিয়তে ধন খৰছ কৰিবলৈ বিশেষ আঁচনি ৰূপায়ন কৰিবলৈ নিৰ্দেশ দিয়ে৷ শুকুৰবাৰে গোলাঘাটত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে কৃষকৰ মাজত ট্ৰেক্টৰ বিতৰণ কৰে৷ কৃষকৰ উন্নয়নৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে কাম কৰিম বুলি কয়৷