newsnextone.com | তেজপুৰঃ বুধবাৰে বিশ্বনাথ জিলাৰ বিশ্বনাথ কলেজ খেলপথাৰত ৰাজ্য চৰকাৰৰ উদ্যোগত এখন মহিলা সমাৰোহ অনুষ্ঠিত হয়৷ কেইবা হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উপস্থিত থাকি ৰাজ্যৰ উন্নয়নৰ বাবে কাম কৰাৰ আহ্বান জনাই সকলো ৰাইজক৷ 

শোণিতপুৰ-বিশ্বনাথ জিলা তথা তেজপুৰ লোকসভা সমষ্টি ভত্তিত অনুষ্ঠিত মহিলা সমাৰোহ অনুষ্ঠানত বিজেপি দলে তেজপুৰ লোকসভা সমষ্টিত আজিও শক্তিশালী বুলিও একপ্ৰকাৰ চৰ্চা হৈছে। দিনৰ ১১ বজাত অনুষ্ঠিত সমাৰোহত মহিলা আত্মসহায়ক গোটৰ মাজত কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ চেক বিতৰণ কৰা হয়৷ 

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মহিলা সমাৰোহত ভাষণ প্ৰদান কৰি মই ৰাজ্যিক পৰ্যায়ত তিনিটা পুৰস্কাৰ ঘোষণা কৰিছোঁ বুলি কয়৷ যিবোৰ আত্মসহায়ক গোটে সততাৰে, দক্ষতাৰে, এই পইচা সৎ ব্যৱহাৰ কৰি উপাৰ্জন কৰিব সেই গোটক প্ৰথম পুৰস্কাৰ ৫ লাখ টকা, দ্বিতীয় পুৰস্কাৰ ৩ লাখ টকা আৰু তৃতীয় পুৰস্কাৰ ২ লাখ টকা প্ৰদান কৰিম বুলি কয় মুখ্যমন্ত্ৰীয়ে।

অসমৰ প্ৰতিগৰাকী মহিলা যাতে স্বাৱলম্বী হৈ সমাজ, দেশ তথা বিশ্বৰ বুকুত প্ৰতিষ্ঠা লাভ কৰিব পাৰে। অসমৰ নামৰ বাবে আমি প্ৰত্যেকেই আন্তৰিকতাৰে কাম কৰি যাব লাগিব। তেতিয়াহে আমাৰ প্ৰতি বিশ্বৰ জনসাধাৰণে শ্ৰদ্ধা কৰিব। অসমীয়া, বঙালী, নেপালী, বিহাৰী, হিন্দু, মুছলমান এই বৃহত্তৰ অসমীয়া ভিন্ন ভাষা, ভাষী, জাতি-জনগোষ্ঠী ঐক্যবদ্ধ প্ৰচেষ্টাৰে অসমৰ ভৱিষ্যৎ গঢ় দিব লাগিব৷ তেতিয়াহে আমাৰ শক্তি আৰু সমন্বয় আহিব।

সমাৰোহত আত্ম সহায়ক গোটক ২৫ হাজাৰকৈ টকাৰ চেক প্ৰদান কৰে। নাৰী সৱলীকৰণ সমাৰোহত উদ্ধোধনী ভাষণ প্ৰদান কৰে শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ উপায়ুক্ত মনোজ কুমাৰ ডেকা আৰু ধীৰাজ জ্যোতি কলিতাই। সভাত মন্ত্ৰী নৱ দলে, ৰঞ্জিত দত্ত, ড০ হিমন্ত বিশ্ব শৰ্মা, পল্লৱ লোচন দাস, সাংসদ ৰামপ্ৰসাদ শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, বিধায়ক বৃন্দাবন গোস্বামী, পদ্ম হাজৰিকা, প্ৰমোদ বৰঠাকুৰ উপস্থিত থাকে।

সভাত প্ৰায় ১৬ সহস্ৰাধিক মহিলাৰ লগতে বিজেপিৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মী উপস্থিত থাকে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সৈতে মুখামুখী হৈ এনআৰচিৰ কাম যাতে শুদ্ধ ভাৱে হয় তাৰ বাবে ৰাজ্য চৰকাৰে সহযোগীতা কৰি আহিছে বুলি কয়। অনাহকত এনআৰচিৰ পৰা বাদ পৰা লোকৰ সংখ্যা ৰাজহুৱাৰৈ উল্লেখ কৰা বুলি কৈ সাধাৰণ মানুহে শংকিত হোৱাৰ কোনো যুক্তি নাই বুলি কয়। এইখন জনসাধাৰণে গঠন কৰা চৰকাৰ গতিকে চৰকাৰে জনসাধাৰণৰ হৈ কাম কৰি যাব ৰাইজ শংকিত হোৱাৰ কোনো কাৰণ নাই।