ডিব্ৰুগড়ঃ ভৱিষ্যৎ প্ৰজন্মক গুণগত শিক্ষাৰে সু-নাগৰিক হিচাপে গঢ় দিয়াৰ দায়িত্ব শিক্ষা গুৰুসকলৰ। এই দায়িত্ব সুচাৰুৰূপে পালনৰ ক্ষেত্ৰত প্ৰতিগৰাকী অভিভাৱক আৰু সচেতন নাগৰিকে শিক্ষাগুৰুসকলক পূৰ্ণ সহযোগিতা আগবঢ়াব লাগিব। এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। ডিব্ৰুগড়ৰ মধুপুৰ উচ্চতমৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী সোণোৱালে আৰু কয়, ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীসকলে গুণগত শিক্ষা লাভ কৰিলেহে সুস্থ-চিন্তাধাৰা, কৰ্মৰ জৰিয়তে ৰাজ্যত এক সুস্থ বাতাৱৰণ ৰচনা কৰিব পৰা যাব।
সেয়েহে ৰাজ্য চৰকাৰে বিশেষকৈ শিক্ষা বিভাগে ৰাজ্যখনত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক উন্নত শৈক্ষিক বাতাৱৰণ গঢ় দিয়াৰ বাবে সদায়েই কাম কৰি আহিছে। প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে গুণগত শিক্ষাৰ জৰিয়তে নিজকে প্ৰতিষ্ঠা কৰি আগন্তক দিনত বিভিন্ন কৰ্মক্ষেত্ৰত যোগ্যতাৰ নেতৃত্ব বহন কৰি দেশ-বিদেশৰ পৰা অসমলৈ সুনাম কঢ়িয়াই আনিব লাগিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে।