newsnextone.com | খেৰণিঃ বৃহস্পতিবাৰে কাৰ্বি পাহাৰৰ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত ৰাজ্য চৰকাৰে এখন মহিলা সমাৰোহৰ আয়োজন কৰে৷ খেৰণি হাইস্কুল খেলপথাৰত অনুষ্ঠিত সমাৰোহত বিজেপিৰ কেইবাগৰাকী নেতা, মন্ত্ৰী, বিধায়ক কাৰ্বি পৰিষদৰ নেতা ইম-জিএমৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে৷ ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ উদ্যোগত অনুষ্ঠিত মহিলা সমাৰোহত কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ কেইবা হাজাৰ মহিলা আত্মসহায়ক গোটৰ সদস্য উপস্থিত থাকে৷ 

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যৰ উন্নয়নৰ বাবে সকলো লোককে কাম কৰাৰ আহ্বান জনায়৷ কৰ্ম-সংস্কৃতি অবিহনে কোনো লোক, পৰিয়াল, জিলা, ৰাজ্য অথবা কোনো দেশে সর্বাংগীন উন্নয়ন লাভ কৰিব নোৱাৰে বুলি কয় মুখ্যমন্ত্ৰীয়ে৷ বিভিন্ন জাতি-জনগোষ্ঠী, ধৰ্ম-বৰ্ণৰ লোকে বসবাস কৰি থকা জিলাকেইখনৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হৈ আছে তাৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যটনৰ ক্ষেত্ৰত ডিমা হাচাও আৰু কাৰ্বি আংলঙক আগবঢ়াই নিয়াৰ বাবে সকলোকে সহায় সহযোগিতা আগবঢ়ালৈ কৈ অসম চৰকাৰক অধিক কাম কৰি যোৱাৰ সুযোগ প্ৰদান কৰিবলৈ আহ্বান জনায়।

মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোৱে অন্ধবিশ্বাস, কু-সংস্কাৰ আঁতৰ কৰি সম্বৃদ্ধি, ঐক্য আৰু শান্তি বজাই ৰাখি গন্তব্য লক্ষ্যত উপনীত হ’ব লাগিব আৰু সামাজিক, অৰ্থনৈতিক দিশৰ লগতে সৰ্বাংগীন উন্নয়ন আৰু বিকাশ সাধন কৰিব লাগিব বুলি কয়। বিশেষকৈ উপস্থিত মহিলাসকলক মুখ্যমন্ত্ৰী সোণোৱালে কয় যে অসমৰ প্ৰতিগৰাকী মহিলাই স্বাৱলম্বী হৈ সমাজ, দেশ তথা বিশ্বৰ বুকুত প্ৰতিষ্ঠা লাভ কৰিব পাৰে। অসমৰ উজ্জ্বল ভৱিষ্যত আৰু সুনামৰ বাবে আমি প্ৰত্যেকেই একাগ্ৰতা আৰু আন্তৰিকতাৰে কাম কৰি যাব লাগিব। তেতিয়াহে আমাৰ প্ৰতি বিশ্বৰ জনসাধাৰণে শ্ৰদ্ধা কৰিব।

অসমীয়া, কাৰ্বি, তিৱা, বঙালী, নেপালী, বিহাৰী, হিন্দু, মুছলমান, খ্ৰীষ্টান এই বৃহত্তৰ অসমীয়া ভিন্ন ভাষা, ভাষী, জাতি-জনগোষ্ঠী ঐক্যৱদ্ধ প্ৰচেষ্টাৰে অসমৰ ভৱিষ্যৎ গঢ় দিব লাগিব৷ তেতিয়াহে আমাৰ শক্তি বৃদ্ধি আৰু সমন্বয় আহিব। 

মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত তিনিখন পাহাৰীয়ে জিলাক সমানে আগবঢ়াই নিয়াৰ সংকল্প লয়৷ মুখ্যমন্ত্ৰী সোণোৱালে কয় যে ৰাজ্যৰ বিজেপি চৰকাৰে যি দৰে উন্নয়নমূলক কাম আৰু দুৰ্নীতিৰ বিৰুদ্ধে কাম কৰিছে তাক লৈ কংগ্ৰেছৰ লগতে অন্যান্য শক্তি শংকিত হৈ পৰিছে।

সমাৰোহত গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাতৰি কাকতক সমালোচনা কৰি কয় যে বাতৰি কাকতত চৰকাৰৰ উন্নয়নমূলক কামৰ বাতৰি নাথাকে৷ লগতে একাংশই ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ৰ পৰা ৰাজপথলৈ নি আন্দোলন কৰোৱাই বুলি কয়৷ সেই সকলেই হৈছে অসমৰ বিৰোধী বা উন্নয়ন আৰু বিকাশৰ বিৰোধী বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ 

সমাৰোহত উপস্থিত হোৱা ৫ হাজাৰ ৩৭টা আত্মসহায়ক গোটৰ মাজৰ ১২টা গোটক চৰকাৰে আনুষ্ঠানিকভাৱে ১০ হাজাৰ আৰু ২৫ হাজাৰ টকাৰ চেক প্ৰদান কৰে৷ সমাৰোহত পঞ্চায়ত মন্ত্ৰী নৱ কুমাৰ দলে, পাৰ্বত্য এলেকা উন্নয়ন দপ্তৰৰ মন্ত্ৰী চুম ৰংহাং, কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ বিধায়কসকল, মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, দেৱলাল গাৰ্লোচা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে অংশগ্ৰহণ কৰে৷