ৰঙিয়াঃ কামৰূপৰ ৰঙিয়া চহৰৰ সমীপৰ বালিসত্ৰত বুধবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বান্দ সোনোৱালে ঐতিহাসিক বালিসত্ৰ সৎ-সংগী সত্ৰৰ বিগ্ৰহ পূজনস্থলী মাঙ্গলিক অনুষ্ঠানৰে দুৱাৰ মুকলি কৰে। দুৱাৰ মুকলি অনুষ্ঠানৰ পিচতে মুখ্যমন্ত্ৰীগৰকীয়ে সত্ৰ চৌহদত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত অংশগ্ৰহন কৰে। স্থানীয় সমাজ কৰ্মী পিনক কলিতাই পৰিচালনা কৰা সভাখনত হাজোৰ বিধায়িকা সুমন হৰিপ্ৰীয়াই বালিসত্ৰ অঞ্চলৰ সমস্যসমূহ ভাষণৰ জৰিয়তে মুখ্যমন্ত্ৰীক অৱগত কৰে।
সভাত মুখ্যমন্ত্ৰী সোণোৱালে ভাষণ প্ৰদান কৰি আমাৰ চিন্তা, আমাৰ কাম সকলো সুন্দৰ হ’ব লাগিব বুলি কয়। গুৰুজনাই অসমীয়া জাতিক বহু শক্তিশালী কৰি থৈ গৈছে। সকলো নিষ্ঠা আৰু শ্ৰদ্ধা সহকাৰে কাম কৰিলে তেতিয়া হলে নিশ্চয় সফলতা পোৱা যাব। সফলতাৰ কোনো চমু পথ নাই বুলিও কয় সোণোৱালে। মানুহে মানুহৰ বাবে কাম কৰি গলে বিফলতা নাহে। আমি সকলোৱে কঠোৰ পৰিশ্ৰমত মগ্ন হ’ব লাগিব। অসমখনক একত্ৰিত কৰিব লাগিলে আমি সকলোৱে সজাগ দৃষ্টিৰে জাতী-ধৰ্ম নিৰ্বিশেষে একত্ৰিত হ’ব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।