মুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ ভাতৃক দল-সংগঠনৰ শেষ শ্ৰদ্ধাঞ্জলি

Home ৰাজ্যমুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ ভাতৃক দল-সংগঠনৰ শেষ শ্ৰদ্ধাঞ্জলি

মুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ ভাতৃক দল-সংগঠনৰ শেষ শ্ৰদ্ধাঞ্জলি

by News Desk
68 views
A+A-
Reset

চাবুৱাঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জেষ্ঠ ভাতৃ গিৰীশ সোণোৱালে ৬৯ বছৰ বয়সত বৃক্ক ৰোগত আক্ৰান্ত হৈ দিল্লীৰ এইমছত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে। বুধবাৰে নিশা প্ৰায় ২ বজাত মৃত্যু হোৱা সোণোৱালৰ মৃতদেহ দিল্লীৰ পৰা বিমানযোগে ডিব্ৰুগড় মোহনবাৰী বিমান বন্দৰত অৱতৰণ কৰি আৱেলি তিনি বজাত চাবুৱা মুলক গাঁৱৰ নিজা বাসগৃহলৈ অনা হয়৷

তেখেতৰ নশ্বৰ দেহ নিজ গৃহ আহি পোৱাৰ পাছতেই অগনন গুণমুগ্ধৰ লগতে বিভিন্ন দল সংগঠনৰ উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷ স্বৰ্গীয় জীৱেশ্বৰ সোণোৱাল আৰু স্বৰ্গীয়া দিনেশ্বৰী সোণোৱালৰ সুযোগ্য পুত্ৰ গিৰিশ সোণোৱালে মৃত্যুৰ সময়ত জেষ্ঠ ভাতৃ, কণিষ্ঠ ভাতৃ মূখ্যমন্ত্ৰীৰ লগতে মুঠ পাঁচজন, দুগৰাকী ভগ্নী, পত্নী চন্দ্ৰা সোণোৱাল, পুত্ৰ নিকুঞ্জ, দুই কন্যা কাবেৰী আৰু ৰেণুকাৰ উপৰিও পৰিয়ালত অনেক আত্মীয়-কুটুম্বক এৰি যায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0