Home ৰাজ্য“SORRY” বুলি কৈ অৱশেষত পোষ্ট ডিলিট মুখ্যমন্ত্ৰীৰ, টীম মেম্বাৰলৈ ঠেলিলে ভুল!

“SORRY” বুলি কৈ অৱশেষত পোষ্ট ডিলিট মুখ্যমন্ত্ৰীৰ, টীম মেম্বাৰলৈ ঠেলিলে ভুল!

by News Desk
A+A-
Reset
cm-news

ছ’চিয়েল মিডিয়াযোগে ব্ৰাহ্মণ্যবাদক প্ৰাধান্য দিয়া পোষ্টৰ বাবে ‘ছ’ৰী’ বুলি কৈ অৱশেষত ৰাজহুৱাকৈ ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বৃহস্পতিবাৰে নিশা এক টুইটযোগে ক্ষমা বিচাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ক্ষমা বিচাৰি কৰা টুইটটোত মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ছ’চিয়েল মিডিয়া চোৱা-চিতাৰ দায়িত্বত থকা টীমৰ এজন সদস্যই গীতৰ শ্লোক ভুলকৈ অনুবাদ কৰি পোষ্ট কৰিছিল বুলি মন্তব্য কৰা দেখা গৈছে।

সম্প্ৰতি ডিলিট কৰি দিয়া উক্ত পোষ্টটোত গীতাৰ এটি শ্লোকৰ উধৃতিৰে ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্যৰ সেৱা-শুশ্ৰূষা কৰাটোৱেই শূদ্ৰসকলৰ স্বাভাৱিক কৰ্ম বুলি উল্লেখ আছিল। এই পোষ্টটো যোৱা মঙলবাৰে মুখ্যমন্ত্ৰীগৰাকীৰ ফেচবুক পেজ আৰু টুইটাৰ একাউণ্টত আপলোড কৰা হৈছিল। পোষ্টটো প্ৰকাশ পোৱা মাত্ৰকে সচেতন নেটিজেনসকলে বিজেপি চৰকাৰখনে দেশ তথা ৰাজ্যত ব্ৰাহ্মণ্যবাদৰ প্ৰচাৰ কৰিব বিচাৰিছে বুলি অভিযোগ তুলি মুখ্যমন্ত্ৰীক উভতি ধৰে। বিৰোধী কংগ্ৰেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু বাওপন্থী দলৰ নেতাসকলেও মুখ্যমন্ত্ৰীগৰাকীক পোষ্টটোৰ বাবে আক্ৰমণৰ লক্ষ্য কৰি লয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0