চাবুৱাঃ  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি চাবুৱাৰ বিন্ধাকটা হাইস্কুলত মুঠ ৬.২৪ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কলাগুৰু বিষ্ণু ৰাভা সাংস্কৃতিক আৰু ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰকল্পটো উদ্বোধন কৰি মুখ্যমন্ত্ৰী সোণোৱালে ভাষণ প্ৰসংগত কয় যে এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠাৰ লগে লগে অঞ্চলটোৰ যুৱ প্ৰজন্মই নিজৰ প্ৰতিভা বিকাশৰ বাবে এক উপযুক্ত মঞ্চ লাভ কৰিব।

মুখ্য়মন্ত্ৰীগাৰকীয়ে আৰু কয় যে, অসমক দেশৰ ক্ৰীড়া ৰাজধানী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ আৰু এইক্ষেত্ৰত চৰকাৰে দৃঢ়ভাৱে কাম কৰি আছে। ইফালে বাজেটত ৰাজ্যখনৰ ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰৰ আন্তঃগাঁথনি বিকাশ শিতানত বুজন পৰিমাণৰ পুঁজি আবণ্টন কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে গ্ৰামাঞ্চলসমূহতে ক্ৰীড়া প্ৰতিভা লুকাই থকা বুলি মন্তব্য কৰে।

এই ক্ৰীড়া প্ৰতিভাসমূহ উলিয়াই আনিবলৈ আৰু এক ক্ৰীড়াসূলভ পৰিৱেশ গঢ় দিয়াৰ বাবে ৰাজ্য চৰকাৰে আন্তঃগাঁথনি নিৰ্মাণত সদায়েই গুৰুত্ব আৰোপ কৰিছে বুলিও সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰই সামাজিক ঐক্য আৰু সংহতি সুদৃঢ় কৰাত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ক্ৰীড়াৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজস্ব প্ৰতিভা বিকশাই তোলাৰ বাবে যুৱ প্ৰজন্মই যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিব লাগিব।

অসমৰ ভিতৰুৱা অঞ্চলসমূহত থকা ক্ৰীড়া  প্ৰতিভাসমূহক উলিয়াই আনি এই প্ৰতিভাসমূহ বিকশাই তোলাৰ বাবে ৰাজ্য চৰকাৰে এক উপযুক্ত মঞ্চ দিবলৈ সকলো ধৰণৰ আঁচনি গ্ৰহণ কৰিছে। ৰাজ্যখনৰ চাহ বাগিচা আৰু জনজাতীয় এলেকাসমূহত যথেষ্ট ক্ৰীড়া প্ৰতিভা আছে আৰু তেওঁলোকক আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো সমাজৰ সকলো পক্ষই অৰিহণা যোগাব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।

অনুষ্ঠানটোত মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে, ৰাজ্য চৰকাৰে শাসনভাৰ লোৱাৰ পৰাই দুৰ্নীতিৰ বিৰুদ্ধে পদক্ষেপ লৈ আহিছে আৰু এইক্ষেত্ৰত জনসাধাৰণেও সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। আন্তঃগাঁঠনি উন্নত হ’বলৈ হ’লে কাম-কাজসমূহ গুণগত মানৰ হ'ব লাগিব আৰু সেয়ে সামাজিক উত্তৰণৰ ক্ষেত্রত ঠিকাদাৰসকলৰ ভূমিকা আছে আৰু সেয়েহে তেওঁলোকক কামসমূহ অতি নিষ্ঠাৰে কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। আজিৰ অনুষ্ঠানটোত উপস্থিত থাকে চাবুৱা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, ডিব্ৰুগড় জিলাৰ উপায়ুক্ত লয়া মাদ্দুৰীকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি।