newsnextone.com | কাছাৰঃ বৰাক উপত্যকাৰ তিনিওখন জিলাত শেহতীয়াকৈ হৈ যোৱা বানত বিস্তৰ ক্ষতি সাধন হয়৷ হাইলাকান্দি, কৰিমগঞ্জ, কাছাৰ জিলাত প্ৰায় ৭দিন ধৰি হৈ যোৱা বানত বহু লোক গৃহহীন হয়৷ ভয়াবহ বানৰ কৱলত পৰি জিলা খনৰ হেজাৰ হেজাৰ লোকে হাহাকাৰ কৰিব লগা হৈছে৷ যোৱা তিনিদিনত বান পৰিস্থিতি উন্নত হৈছে৷ কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি জিলাৰ প্ৰতিখন গাঁও ক্ষতিগ্ৰস্ত হৈছে৷ প্ৰতিখন গাঁৱৰ কৃষকৰ খেতি পথাৰ, পুখুৰীৰ মাছ ওলাই গৈ বহু লাখ টকাৰ ক্ষতি হয় কৃষকৰ৷ বহু লোকৰ ঘৰ-বাৰি নৈৰ বুকুত জাহ যোৱাত মূৰে-কপালে হাত দিব লগা হয়৷ বহু লোকে আশ্ৰয় শিবিৰতে থিতাপি লব লগা হৈছে৷ উপ-নৈ সমূহৰ বুকুত জাহ যায় ঘৰ-বাৰী, কৃষি ভূমি, স্কুল আদি৷ আজিও কেইবাখনো বিদ্যালয়ত প্ৰশাসনে স্থাপন কৰা অস্থায়ী শিবিৰত বাহৰ পাতি আছে ৰাইজ৷ 

তিনি খনৰ ক্ষয়-ক্ষতিৰ বুজ ললে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ এটি চৰকাৰৰ বিষয়াৰ প্ৰতিনিধিৰ সৈতে দেওবাৰে বিভিন্ন ঠাই পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ বিষয়াৰ সৈতে আলোচনাৰ মিলিত হোৱাৰ অন্তত জিলা তিনি খনৰ পুনৰ সংস্থাপন আৰু ক্ষতিগ্ৰস্তক সাহায্য প্ৰদানৰ বাবে ১০০ কোটি টকা দিয়াৰ কথা ষোষণা কৰে৷ জীৱন নিৰ্বাহৰ প্ৰধান সম্বল খেতি পথাৰ সমূহ নৈৰ বালিয়ে পুটি পেলোৱাৰ লগতে ফচল সমূহ নষ্ট কৰে৷ কৃষকৰ ক্ষতিৰ পৰিমাণ নিৰ্ধাৰণ কৰি সাহায্য দিয়া হ’ব বুলি জানিব পৰা গৈছে৷

চৰকাৰৰ এটা দলে কেইবাটাও বিভাগৰ লোকক লগত লৈ ক্ষয়-ক্ষতিৰ পৰিমাণ নিৰ্ধাৰণ কৰিব৷ বৰাক উপত্যকাৰ মুঠৰ ওপৰত কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ বানাক্ৰান্তক সহায় কৰাৰ বাবে ১০০ কোটি টকা ৰাজ্য চৰকাৰে দিব বুলি ঘোষণা কৰে। দেওবাৰে সোণোৱালে প্ৰথমে কিছু বান বিধ্বস্ত এলেকা পৰিভ্ৰমণ কৰে৷ এখন স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰাৰ লগতে স্কুলসমূহত বাহৰ পাতি থকা বান ক্ষতিগ্ৰস্তৰ সৈতে কথা পাতে৷ শিবিৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তিনি জিলাৰ উচ্চ পদস্থ বিষায়ৰ সৈতে বৈঠকত মিলিত হয়৷ 

কাছাৰ জিলাৰ সন্মিলন গৃহত উচ্চ পদস্থ বিষয়াৰ সৈতে মিলিত হৈ বান বিধ্বস্ত এলেকাত বিশুদ্ধ খোৱাপানীকে ধৰি সকলো সুবিধা প্ৰদানৰ নিৰ্দেশ দিয়ে।