newsnextone.com | কাছাৰঃ বৰাক উপত্যকাৰ তিনিওখন জিলাত শেহতীয়াকৈ হৈ যোৱা বানত বিস্তৰ ক্ষতি সাধন হয়৷ হাইলাকান্দি, কৰিমগঞ্জ, কাছাৰ জিলাত প্ৰায় ৭দিন ধৰি হৈ যোৱা বানত বহু লোক গৃহহীন হয়৷ ভয়াবহ বানৰ কৱলত পৰি জিলা খনৰ হেজাৰ হেজাৰ লোকে হাহাকাৰ কৰিব লগা হৈছে৷ যোৱা তিনিদিনত বান পৰিস্থিতি উন্নত হৈছে৷ কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি জিলাৰ প্ৰতিখন গাঁও ক্ষতিগ্ৰস্ত হৈছে৷ প্ৰতিখন গাঁৱৰ কৃষকৰ খেতি পথাৰ, পুখুৰীৰ মাছ ওলাই গৈ বহু লাখ টকাৰ ক্ষতি হয় কৃষকৰ৷ বহু লোকৰ ঘৰ-বাৰি নৈৰ বুকুত জাহ যোৱাত মূৰে-কপালে হাত দিব লগা হয়৷ বহু লোকে আশ্ৰয় শিবিৰতে থিতাপি লব লগা হৈছে৷ উপ-নৈ সমূহৰ বুকুত জাহ যায় ঘৰ-বাৰী, কৃষি ভূমি, স্কুল আদি৷ আজিও কেইবাখনো বিদ্যালয়ত প্ৰশাসনে স্থাপন কৰা অস্থায়ী শিবিৰত বাহৰ পাতি আছে ৰাইজ৷
তিনি খনৰ ক্ষয়-ক্ষতিৰ বুজ ললে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ এটি চৰকাৰৰ বিষয়াৰ প্ৰতিনিধিৰ সৈতে দেওবাৰে বিভিন্ন ঠাই পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ বিষয়াৰ সৈতে আলোচনাৰ মিলিত হোৱাৰ অন্তত জিলা তিনি খনৰ পুনৰ সংস্থাপন আৰু ক্ষতিগ্ৰস্তক সাহায্য প্ৰদানৰ বাবে ১০০ কোটি টকা দিয়াৰ কথা ষোষণা কৰে৷ জীৱন নিৰ্বাহৰ প্ৰধান সম্বল খেতি পথাৰ সমূহ নৈৰ বালিয়ে পুটি পেলোৱাৰ লগতে ফচল সমূহ নষ্ট কৰে৷ কৃষকৰ ক্ষতিৰ পৰিমাণ নিৰ্ধাৰণ কৰি সাহায্য দিয়া হ’ব বুলি জানিব পৰা গৈছে৷