ডিব্ৰুগড়ঃ ডিব্রুগড়ত প্রধানমন্ত্রী উজ্বলা যোজনা শুভাৰম্ভ কৰাৰ বাবে উপস্থিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ডিব্রুগড় চৌকিডিংগী খেলপথাৰত অনুষ্ঠিত হৈছে এই শুভাৰম্ভ অনুষ্ঠান। মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে উপস্থিত হৈছে পেট্র’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্রালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ধর্মেন্দ্র প্রধান।
‘অসমত স্বচ্ছ শক্তিৰ বাবে দৰিদ্ৰ মহিলাৰ অপেক্ষাৰ আজি অন্ত পৰিব’- এইবুলি টুইটাৰযোগে জনাইছে মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। আজি দিনৰ ১১ বজাত ডিব্ৰুগড়ত উপস্থিত হৈছে মন্ত্ৰীগৰাকী।দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিকোনো মহিলাক বিনামুলীয়াকৈ ৰন্ধন গেছৰ সংযোগ যোগান ধৰাৰ বাবে এই যোজনা মুকলি কৰা হ’ব।