চৰাইদেউঃ ভূঁই ৰুলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ ৰোৱনীৰ হাতৰ পৰা ভূঁই লৈ বোকাময় পথাৰত গুজিলে ভূঁই৷ বৰ অসমৰ বৰভেটি খ্যাত ঐতিহ্য নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বৰ স্মৃতি বিজড়িত ঐতিহাসিক চৰাইদেউত আজি ন-ভূঁই ৰুলে মুখ্যমন্ত্ৰীয়ে।
বোকা পানী গচকি পথাৰৰ মাজলৈ গৈ ৰোৱনীহঁতৰ সৈতে মেল মাৰি মুখ্যমন্ত্ৰীয়ে অতীত ৰোমন্থন কৰি আপোন পাহৰা হ’ল পথাৰৰৰ মাজত৷ চৰাইদেউ জিলা প্ৰশাসন আৰু চৰাইদেউ জিলা কৃষি বিভাগৰ উদ্যোগত মাহমৰাৰ ভঁৰালিপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কোঁৱৰ গাঁৱত আয়োজন কৰা ‘ন-ভূঁই ৰোৱা’ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।