গোলকগঞ্জঃ এদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ ধুবুৰী জিলাৰ গোলকগঞ্জত উপস্থিত হ'ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰীগৰাকীয়ে ধুবুৰী জিলাৰ গোলকগঞ্জত উপস্থিত হৈ দুখনকৈ গুৰুত্বপূৰ্ণ আঁচনিৰ শুভাৰম্ভ কৰিব।
জিলা তথ্য আৰু জনসংযোগ বিষয়াই এক বিবৃতিযোগে জনোৱা মতে কাইলৈ দিনৰ ১২ বজাত মুখ্যমন্ত্ৰীগৰাকীয়ে আকাশ মাৰ্গেৰে গোলকগঞ্জৰ চিলাৰায় মেলা ময়দানত উপস্থিত হ’ব৷
এখন ৰাজহুৱা অংশগ্ৰহণ কৰি ধুবুৰী জিলাৰ উজ্বলা যোজনা আঁচনিৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী সোণোৱালে। সভাত আঁচনিৰ বাবে নিৰ্বাচিত হিতাধিকাৰী মহিলাৰ মাজত ৰন্ধন গেছৰ সংযোগ আৰু সঁজুলি বিতৰণ কৰা হ'ব।
আঁচনিৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলৰ বাস কৰা ৰন্ধন গেছৰ সংযোগ নথকা গৃহিণীসকলক সম্পূৰ্ণ বিনামূলীয়াকৈ ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰা হ'ব।
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে সভাথলীৰ সমীপতে অসম চৰকাৰৰ আছুতীয়া পুজিৰে নিৰ্মাণ হ'বলগীয়া চিলাৰায় কলাক্ষেত্ৰৰো আধাৰশিলা স্থাপন কৰিব। আগমনি ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিম ৰতিয়াদহ দ্বিতীয় খণ্ড গাঁৱৰ ৬০ বিঘা মাটিত স্থাপন হ'বলগীয়া কলাক্ষেত্ৰ খনৰ প্ৰাৰম্ভিক পৰ্যায়ত চৌদিশৰ পকী দেৱাল নিৰ্মাণৰ বাবে ইতিমধ্যে এক কোটি টকা ৰাজ্য চৰকাৰে মোকলাই দিছে।
নিবিদাৰ জৰিয়তে কামৰ আবন্টন প্ৰক্ৰিয়াও সম্পন্ন হৈছে। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত চিলাৰায় দলঙৰ ওচৰতে নিৰ্মাণ হ'বলগীয়া কলাক্ষেত্ৰ সম্পূৰ্ণ হৈ উঠিলে পশ্চিম অসমৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰি ৰখাত সহায়ক হ'ব বুলি আশা কৰা হৈছে।