গুৱাহাটীঃ অৱশেষত আওপকীয়াকৈ হ’লেও নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মুখ খুলিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। নাগৰিকত্ব সংশোধনী বিধেয়ক শব্দকেইটা উল্লেখ নকৰাকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে যি কথাক লৈ চিন্তাত আছে, সেই চিন্তা চিৰদিনৰ বাবে নাইকিয়া কৰিবলৈ তেওঁৰ চৰকাৰ প্ৰতিশ্ৰুতিৱদ্ধ।
অসমৰ ৰাইজৰ সৈতে আলোচনা কৰি আগন্তুক দিনত কাম কৰি যাব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ খিলঞ্জীয়া লোকক সুৰক্ষা দিয়াৰ বাবেই তেওঁৰ দল চৰকাৰত অধিষ্ঠিত হৈছে। পূৰ্বৰ চৰকাৰে নিদিয়া সাংবিধানিক ৰক্ষা কবচ দিয়াৰ বাবে বিজেপি চৰকাৰে ব্যৱস্থা হাতত লৈছে বুলিও দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
'অসম চুক্তিৰ যিটো বিষয়ক লৈ কোনো চৰকাৰে ইমানদিনে গুৰুত্ব দিয়া নাছিল, সেই সাংবিধানিক ৰক্ষা কবচ দিয়াৰ লগে লগে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ মাটি-ভেটি, কৃষ্টি-সংস্কৃতি, ভাষা-সাহিত্য সকলো ৰক্ষা পৰিব। আৰু নিৰ্বাচনত আসন সংৰক্ষণ নিশ্চিত হ’ব।’- কেন্দ্ৰীয় কেবিনেটে সাংবিধানিক ৰক্ষা কবচ প্ৰদানৰ বাবে গঠন কৰা উচ্চস্তৰীয় কমিটিত অনুমোদন জনোৱাৰ পিছত অসমৰ ৰাইজ শংকিত হোৱাৰ কোনো কাৰণ নাই বুলি আশ্বাস প্ৰদান কৰি এইদৰে কয় সোণোৱালে।
তেওঁ আৰু কয় যে সাংবিধানিক ৰক্ষা কবচৰ দ্বাৰা অসমীয়া সমাজখন চিৰদিনৰ বাবে সুৰক্ষিত হৈ থাকিব। বৰ্তমান যি কথাক লৈ অসমীয়া ৰাইজ চিন্তিত হৈ পৰিছে সেই চিন্তা সৰ্বকালৰ বাবে নাইকিয়া হৈ পৰিব বুলিও তেওঁ নিশ্চিতি প্ৰদান কৰে।
'সাংবিধানিক ৰক্ষা কবচ পালেহে আমি আমাৰ মাটিৰ দখলীস্বত্ব নিশ্চিতভাৱে পাম আৰু আমাৰ ৰাজনৈতিক অধিকাৰ চিৰকালৰ বাবে সুৰক্ষিত কৰিব পাৰিম।’-শীঘ্ৰে অসমবাসীয়ে সাংবিধানিক ৰক্ষা কবচ লাভ কৰিব বুলি দাবী কৰি মুখ্যমন্ত্ৰী সোণোৱালৰ মন্তব্য।