চাংসাৰিঃ লকডাউনৰ মাজতে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চাংসাৰিৰ  ৰে'লৱে য়াৰ্ড  আৰু ভাৰতীয় খাদ্য নিগমৰ  গুদামঘৰ  পৰিদৰ্শন কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মজুত সন্দৰ্ভত বুজ লয়। ইয়াৰ লগতে খাদ্য নিগমৰ বিষয়াবৰ্গ আৰু শ্ৰমিকসকলৰ সৈতেও মত বিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

আজিৰ পৰিদৰ্শনৰ সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে কামৰূপ জিলা পৰিবহণ বিষয়া গৌতম দাস, মন্ত্ৰী ভৱেশ কলিতা আৰু কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই। পৰিদৰ্শনকালত যোগান বিভাগৰ বিষয়াৰ সৈতে  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সামাজিক দূৰত্ব বৰ্তাই ৰাখি তন্ন তন্নকৈ পৰ্যবেক্ষণ কৰে চাংসাৰিস্থিত ৰে'লৱে য়াৰ্ড আৰু ভাৰতীয় খাদ্য নিগমৰ গুদামঘৰসমূহ।

জিলা পৰিবহণ বিষয়া গৌতম দাসে ৰে'লৱে আৰু ভাৰতীয় খাদ্য নিগমৰ গুদামৰ পৰা সমগ্ৰ ৰাজ্যৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ খাদ্য আৰু অন্যান্য সামগ্ৰী পৰিবহণৰ ব্যৱস্থা তদাৰক কৰাৰ লগতে অনাগত দিনত যাতে বিতৰণ আদিৰ ক্ষেত্ৰত কোনো ব্যাঘাত নজন্মে তাৰ বাবে ৰে'লৱে কৰ্তৃপক্ষ আৰু ভাৰতীয় খাদ্য নিগমৰ বিষয়াবৰ্গৰ লগত আলোচনা কৰাৰ  লগতে সম্পূৰ্ণ সুৰক্ষাৰ ব্যৱস্থা কৰাৰ আশ্বাস দিয়ে গুদামৰ পৰা পৰিবহণ কৰা গাড়ী  চালকসকলক।

আনহাতে চালকসকলৰ লগতে শ্ৰমিকসকলকো কৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সম্পূৰ্ণ সুৰক্ষা বিধি মানি চলিবলৈ আহ্বান জনায় জিলা পৰিবহণ বিষয়া গৌতম দাসে। উপৰোক্ত কাৰ্য্যসূচীৰ উপৰিও আজি মুখ্যমন্ত্ৰী গৰাকীয়ে জিলা খনৰ কেইবা গৰাকী বিষয়ববীয়াৰ সৈতে কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত বহি কেইবাটাও বিষয়ৰ ওপৰত পৰ্যালোচনা কৰে।

এই পৰ্যালোচনা কালত লকডাউনৰ অন্ত নপৰালৈকে জিলাখনত যাতে খাদ্য সামগ্ৰীৰ নাটনি নহয় তাৰবাবে পৰ্যাপ্ত পৰিমাণে সেয়া মজুত কৰি ৰাখিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশনা দিয়ে বুলিও সদৰী কৰিছে জিলা প্ৰশাসনৰ এটি সূত্ৰই।