বটদ্ৰৱাঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰত্যক্ষ উদ্যোগত বটদ্ৰৱাৰ শ্ৰীশ্ৰী শ’লগুৰি আৰু শ্ৰীশ্ৰী ন’ৰোৱা সত্ৰৰ সত্ৰাধিকাৰদ্বয়ৰ উপস্থিতিত আজি বিয়লি জনতা ভৱনত গুৰুজনাৰ পৱিত্ৰ জন্মস্থানখনিৰ সামগ্ৰিক উন্নয়ন আৰু সংৰক্ষণ সন্দৰ্ভত এক সু-পৰিকল্পিত ‘ৰোড-মেপ’ৰ ওপৰত বিতং আলোচনা কৰা হয়৷
এই বৈঠকত মন্ত্ৰী কেশৱ মহন্তৰ লগতে কেইবাগৰাকীও বিধায়কে অংশগ্ৰহণ কৰে। বৈঠকত ৰাজ্য চৰকাৰৰ কেবাগৰাকী শীৰ্ষ বিষয়া, নগাঁও জিলাৰ উপায়ুক্তৰ লগতে বটদ্ৰৱাৰ কেইবাগৰাকীও সচেতন নাগৰিকো উপস্থিত থাকে।