newsnextone.com | ডিব্ৰুগড়/চাবুৱাঃ ৰাজ্যৰ ঘাইপথ সমূহ দীৰ্ঘ দিন ধৰি মেৰামতিৰ অভাৱত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে৷ জহি-খহি যাবলৈ আৰম্ভ কৰিছে ৰাজ্যৰ বিভিন্ন ঘাইপথৰ লগতে ডিব্ৰুগড় চহৰৰ মাজেৰে পাৰ যোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ৷ ডিব্ৰুগড় চহৰৰ মাজেৰে পাৰ হৈ যোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ বাবে গাড়ী-মটৰ চলাব পৰা পৰিবেশ নোহোৱা হৈছে৷ নিতৌ পথটোত দুৰ্ঘটনা সংঘটিত হৈ মানুহ ঘূণীয়া হ’ব লগা হৈছে৷ বিভিন্ন দল-সংগঠনে সময়ে সময়ে পথটো মেৰামতি কৰিবলৈ দাবী জনাই আহিছে যদিও খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা হোৱাৰ পিছতো এনএইচ কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হয়৷
তাৰ মাজতে মঙলবাৰে ৰাজ্য বিভিন্ন প্ৰান্তৰ ঘাইপথ, আন আন জৰাজীৰ্ণ পথ সমূহৰ লগতে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি চাবুৱাত প্ৰতিবাদ সাব্যস্ত কৰিছিল বিৰোধী কংগ্ৰেছৰ ভাতৃ সংগঠন যুৱ কংগ্ৰেছে৷