লখিমপুৰঃ লখিমপুৰ জিলাৰ হাজাৰ হাজাৰ বানাক্ৰান্তই ঘৰ-বৰ হেৰুৱাই হাহকাৰ কৰিব লগা হৈছে৷ নীপকোৱে এৰা পানীয়ে জিলাখনৰ জিলা খনৰ বিস্তৰ ক্ষতি সাধন কৰে৷
ৰাজ্যৰ দল-সংগঠনে নীপকোৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে সোমবাৰে লখিমপুৰৰ বান পৰিস্থিতিৰ বুজ লবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে ভ্ৰমণ বাতিল কৰিছিল যদিও আজি বানপীড়িতৰ খবৰ ল’বলৈ লখিমপুৰত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।