শিৱসাগৰঃ শিৱসাগৰ বেতবাৰীত এখন দুৰ্ঘটনাগ্ৰস্ত কয়লা পৰিবাহী ট্ৰেইলাৰে কঢ়িয়াইছে বিপদ। যোৱা ১৫ জানুৱাৰীতে শিৱসাগৰ বেতবাৰীৰ ঘিলাগুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰিছিল অত্যাধিক কয়লা সৰবৰাহ কৰা ডব্লিউ বি ৫৭ এফ ২৪৭৭ নম্বৰৰ এখন ট্ৰেইলাৰ। তিনিচুকীয়া জিলাৰ লিডুৰ পৰা বহিঃৰাজ্যলৈ বুলি অত্যাধিক কয়লা কঢ়িয়াই নি থাকোতেই নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় গাড়ীখন।
অভাৰ লোডিং কৰি কয়লা কঢ়িওৱাৰ ফলতে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰা ট্ৰেইলাৰ আৰু কয়লা বিগত ৩ দিন ধৰি ঘাইপথৰ ওপৰতে পৰি থকাত পথছোৱা অধিক বিপদজনক হৈ পৰিছে। বিশেষকৈ নিশা যিকোনো মুহূৰ্ততে পথৰ এটা অংশ আবদ্ধ কৰি পৰি থকা ট্ৰেইলাৰখনত আন যানবাহন খুন্দা খাই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাই দেখা দিছে।
ৰহস্যজনকভাৱে এই পৰ্যন্ত গাড়ীখন আৰু কয়লাখিনি আঁতৰাবলৈ আৰক্ষী, প্ৰশাসন, পৰিবহণ বিভাগ, গাড়ীখনৰ মালিক কোনো এটা পক্ষই কিয় সক্ষম হোৱা নাই তাক লৈ প্ৰশ্ন উঠিছে। দুৰ্ঘটনাত চালকজন আহত হোৱা বুলি জানিব পৰা গৈছে যদিও চালকজন পিছত ক'লৈ গ'ল সেয়া জানিব পৰা হোৱা নাই। আনকি ট্ৰেইলাৰখনৰ হেণ্ডিমেনজনেও কয়লাখিনিৰ বিষয়ে অৱগত নহয় বুলি জানিব পৰা গৈছে।
হেণ্ডিমেন বুলি পৰিচয় দিয়া এজনে ট্ৰেইলাৰখনত প্ৰায় ৪১ টন কয়লা আছে বুলি সদৰি কৰিছে। জানিব পৰা মতে সেই ট্ৰেইলাৰখন প্ৰায় ৩০-৩৫ টন কয়লা সৰবৰাহ কৰিবলৈহে সক্ষম। এই অ'ভাৰলোডিং ট্ৰেইলাৰখনত যিখিনি কয়লা সৰবৰাহ কৰা হৈছিল সেইখিনি কাৰ পৰা লৈ আনিছিল আৰু কাক দিবলৈ অনা হৈছিল সেই বিষয়ে অৱগত নহয় বুলি অদ্ভুত ভাষ্য আগবঢ়াইছে হেণ্ডিমেনজনে।
লক্ষণীয় যে সাধাৰণ যানবাহন পথৰ ওপৰত পৰিলে কম সময়ৰ ভিতৰতে তেনে বাহন উঠাই নিয়ে বা আঁতৰাই পথ মুকলি কৰে যানবাহন নিয়ন্ত্ৰণ আৰক্ষী, এনফৰ্চমেন্ট বিভাগ আদিয়ে। পিছে বেতবাৰীৰ ঘাইপথৰ আধা আৱদ্ধ কৰি পৰি থকা কয়লা পৰিবাহী ট্ৰেইলাৰখন তিনি দিনে চুবলৈ সাহস নকৰিলে সংশ্লিষ্ট বিভাগসমূহে। ইয়াৰ কাৰণ কি? এই প্ৰশ্নৰ উত্তৰ বিচাৰি এতিয়া হাবাথুৰি খাবলগীয়াত পৰিছে স্থানীয় ৰাইজে।