newsnextone.com | ওদালগুৰিঃ ওদালগুৰি জিলা সদৰৰ পৰা প্ৰায় ১২ কিল’মিটাৰ দূৰৈত অৱস্থিত বাগছাল চুবুৰী গাঁৱত দেওবাৰে নিশা উদ্ধাৰ হয় এডাল প্ৰকাণ্ড অজগৰ। ঘটনাস্থলীত ওদালগুৰি আৰক্ষী তথা ধনশ্ৰী বন উপ-সংমণ্ডলৰ এটা দল ঘটনাস্থলীলৈ ৰাওনা হৈ গছৰ মুঢ়া এটাৰ ভিতৰত সোমাই থকা অৱস্থাৰ পৰা বহু প্ৰচেষ্টাৰ অন্তত স্থানীয় ৰাইজ তথা বনবিভাগে অজগৰডাল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ঘটনাৰ বিৱৰণী মতে, বাগছাল চুবুৰী প্ৰাথমিক বিদ্যালয়ৰ পিছফালে অৱস্থিত আদিবাসী সম্প্ৰদায়ৰ পৰিয়াল এটাৰ সমীপৰে বৈ যোৱা নলাত অজগৰডাল স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি নিশা ওদালগুৰি আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ধনশ্ৰী বন উপ-সংমণ্ডলক জনোৱাত আৰক্ষী আৰু বন বিভাগৰ এটা দল ঘটনাস্থলীলৈ ৰাওনা হয়।