newsnextone.com | তামুলপুৰঃ বহুজাতিক কোম্পানীৰ শীতল পানীয়ৰ নাত বৰবিহ বিক্ৰী হয় বাক্সাৰ তামুলপুৰত। শীতল পানীয়ৰ ভিতৰত গ্ৰাহক দুজনে গ্ৰীষ্মত গা শাত পেলাবৰ বাবে খোৱা শীতল পানীয় খোৱাৰ পিছতে বমি কৰিবলৈ ধৰে৷
নৱজ্যোতি বৈশ্য আৰু ৰূপজ্যোতি ডেকা নামৰ স্থানীয় দুজন যুৱকে মটঙাচকৰ হোটেল বসুমতাৰী নামৰ হোটেলখনত শীতল পানীয় পান কৰাৰ পিছতে অসুস্থ হৈ পৰে৷ বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত মটঙাচকৰ হোটেলত তাৰ পিছতে দেওবাৰে তামুলপুৰ আৰক্ষীয়ে ম্যাদ উকলি যোৱা শীতল পানীয় উদ্ধাৰ কৰিবলৈ সক্ষম হয়।